জোনাই, ২৩মে': জোনাই মহকুমাৰ অন্তৰ্গত ২ নং মিৰি টাক গাঁৱৰ ৰাইজে আজিও দেখিবলৈ নাপালে উন্নয়নৰ পোহৰ (Development is still not visible in Jonai)। প্রায় শতাধিক পৰিয়ালে বসবাস কৰা ২নং মিৰি টাক গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে যাতায়াত, চিকিৎসা,শিক্ষা আদিৰ ক্ষেত্ৰত । গাঁৱখনৰ কাষেদি বৈ যোৱা ডেঃতাগ নদী আৰু বিধ্বস্ত বাট-পথৰ ফলত বাৰিষাত গাঁৱখনৰ ৰাইজে প্ৰায়ে কটাব লাগে গৃহবন্দীৰ দৰে জীৱন ।
ডেঃতাগ নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে বিভিন্ন সময়ত বিধায়ক, সাংসদ, মিচিং স্বায়ত্তশাসিত পৰিষদ তথা পঞ্চায়ত প্রতিনিধিক আবেদন-নিবেদন কৰি অহাৰ পিছতো আজিকোপতি কোনোধৰণৰ সঁহাৰি নাপালে। যাৰ ফলত গাঁৱখনৰ ৰাইজে কেতিয়াবা একাঠু, একঁকাল আৰু কেতিয়াবা এডিঙি বা সাঁতুৰি হলেও পাৰাপাৰ কৰি অব্যাহত ৰাখিছে বহিঃজগতৰ সৈতে যোগাযোগ ।
ইফালে গাঁৱখনৰ কনকন ছাত্র-ছাত্রীসকলে ডেঃতাগ নদীৰ সিপাৰে থকা টাক গিটুং চৰকাৰী প্ৰাথমিক বিদ্যালয়লৈ দৈনিক বিপদ সংকুলভাৱে পাৰাপাৰ কৰি যাবলগীয়া হোৱাত চিন্তিত হৈ পৰিছে অভিভাৱক ৰাইজে । যাৰ ফলত বাৰিষা বা পানী বাঢ়িলে কনকন ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ যোৱাৰ পথ বন্ধ হৈ পৰে । আনহাতে গাঁৱখনৰ বিধ্বস্ত বাট-পথ তথা ডেঃতাগ নদীৰ ওপৰত দলং নথকাত গাঁৱখনৰ ৰাইজে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো ভুগিছে চৰম যাতনা ।
কেৱল নির্বাচনৰ সময়ত বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে বিধায়ক, সাংসদ, মিচিং স্বায়ত্তশাসিত পৰিষদকে ধৰি পঞ্চায়ত প্রতিনিধিসকলে ৰাইজৰ ভোট বিচাৰি আহে যদিও জয়ী হোৱাৰ পিছত ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ বাস্তৱ ৰূপায়নৰ বাবে কাৰোৰে আহৰি নোহোৱা বুলি অভিযোগ কৰিলে অঞ্চলবাসীয়ে ।
যাৰ ফলত দেওবাৰে ২ নং মিৰি তাক গাঁৱৰ ৰাইজে চৰকাৰ কিম্বা জনপ্রতিনিধিলৈ আৰু ভৰসা নকৰি নিজা দান-বৰঙণিৰে ডেঃতাগ নদীৰ ওপৰত পুৰুষ-মহিলা উভয়ে ওলাই আহি বাঁহেৰে এনেদৰে দলং সাজি ৰূপায়ন কৰে শ্ৰমদান কাৰ্যসূচী (People of Jonai build a bamboo bridge) ।
লগতে পঢ়ক:লামডিং-বদৰপুৰ ৰেলপথ সুচল কৰি তোলাৰ বাবে পুঁজিৰ আৱন্টন কেন্দ্ৰৰ