ETV Bharat / state

৫ দিনে সন্ধানহীন জোনাইৰ পৱন - জোনাইৰ লাইমেকুৰী

জোনাইৰ লাইমেকুৰীৰ পৱন ঠাকুৰ সন্ধানহীন । প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰে পৰা নিৰুদ্দেশ হৈ আছে পৱন । জোনাই থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ।

Jonai boy Pawan thakur missing case
জোনাইৰ লাইমেকুৰীৰ পৱন ঠাকুৰ সন্ধানহীন
author img

By

Published : May 4, 2021, 7:25 PM IST

জোনাই,4 মে': এতিয়াও শুংসূত্ৰ নাই জোনাইৰ লাইমেকুৰীৰ মিৰি টাখ গিঠুং গাঁৱৰ পৱন ঠাকুৰৰ । পৱন প্ৰয়াত শিৱ কুমাৰ ঠাকুৰ আৰু ৰীণা ঠাকুৰৰ পুত্ৰ । যোৱা ২৮ এপ্ৰিলৰ পুৱা প্ৰায় ৮.৩০ বজাতে প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহ কৰিবলৈ বুলি জোনাইলৈ গৈছিল যুৱকগৰাকী । তেতিয়াৰে পৰা বৰ্তমানলৈকে কোনো সন্ধান নাই পৱনৰ ।

বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো পৱনৰ সন্ধান উলিয়াব নোৱাৰি যোৱা ২৯ এপ্ৰিলত পৰিয়ালৰ লোকে কাষ চাপে জোনাই আৰক্ষীৰ । পৰিয়ালৰ লোকে জোনাই থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে । কিন্তু আৰক্ষীয়ে আজিও সন্ধান উলিয়াব পৰা পৱনৰ । উপায়হীন পৰিয়ালৰ লোকে এতিয়া সহায় বিচাৰিছে ৰাইজৰ ।

Jonai boy Pawan thakur missing case
জোনাইৰ লাইমেকুৰীৰ পৱন ঠাকুৰ সন্ধানহীন

কোনো সদাশয় লোকে পৱন ঠাকুৰৰ সন্ধান পালে ৮৮২২৯-৮৩৭১৩ আৰু ৯৯৫৪৬-৪৭২১৩ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৱে । সন্ধানহীন হৈ থকা পৱন ঠাকুৰ ধেমাজি বাণিজ্যিক মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ । দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাক লৈ পৱন অধিক চিন্তিত হৈ পৰিছিল বুলি জানিবলৈ দিছে পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে ।

লগতে পঢ়ক: নগাঁৱত আইপিএলৰ জুৱাৰীৰ পৰা উদ্ধাৰ লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.