ETV Bharat / state

নিজৰ প্ৰাপ্যৰ অপেক্ষাত দিশহাৰা হৈ পৰা এগৰাকী ঠিকাদাৰ

author img

By

Published : Sep 6, 2020, 6:40 PM IST

আজিও নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে ধেমাজিৰ এগৰাকী ঠিকাদাৰ ৷ গড়কাপ্তানি বিভাগৰ অভিযন্তা কাৰ্যালয়ৰ পঞ্জীয়নভুক্ত ঠিকাদাৰ উত্তম চাংমাইয়ে বিভাগীয় বহু কাম কৰি আজিও নাপালে নিজৰ প্ৰাপ্য ৷

এগৰাকী ঠিকাদাৰ
এগৰাকী ঠিকাদাৰ

ধেমাজি, 6 ছেপ্তেম্বৰ: এসময়ত জনসাধাৰণৰ বিপদৰ সময়ত কাম কৰি আজিও নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে ধেমাজিৰ এগৰাকী ঠিকাদাৰ ৷ বিভাগীয় কাৰ্যালয়লৈ অহা-যোৱা কৰি সম্প্ৰতি ভাগৰি পৰিছে তেওঁ ৷ শেষ হৈছে তেওঁৰ গাঁঠিৰ ধন ৷ যাৰ বাবে সম্প্ৰতি দিশহাৰা হৈ পৰা লোকগৰাকীয়ে ভুগিছে মানসিক চাপত ৷ ঠিকাদাৰ গৰাকী ধেমাজিৰ গড়কাপ্তানি বিভাগৰ অভিযন্তা কাৰ্যালয়ৰ পঞ্জীয়নভুক্ত ঠিকাদাৰ উত্তম চাংমাই ৷ ধেমাজিৰ ঘুগুহাৰ খলিহামাৰী গাঁৱৰ বাসিন্দা অসহায় ঠিকাদাৰ গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, 2011-2012 আৰু 2017-2018 চনৰ বাৰিষা বানৰ জৰুৰীকালীন সময়ছোৱাত বিভাগটোৱে মুখেৰে দিয়া নিৰ্দেশ অনুসাৰে তেওঁ বহু কেইটা কাম সম্পূৰ্ণ কৰিলে ৷ পৰৱৰ্তী সময়ত সেই কামৰ বিনিময়ত বিভাগটোত টকা আহিল যদিও তেওঁ আজিলৈ নাপালে নিজৰ প্ৰাপ্য ৷

নিজৰ প্ৰাপ্যৰ অপেক্ষাত দিশহাৰা হৈ পৰা এগৰাকী ঠিকাদাৰ

এই বিষয়ে বিভাগটোৰ উত্তৰ লক্ষীমপুৰ গড়কাপ্তানি বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত তেওঁ অভিযোগ দাখিল কৰে ৷ কিন্তু আবেদন কৰিও এতিয়ালৈ কোনো ধৰণৰ সুফল নাপালে তেওঁ ৷ তেওঁ জানিবলৈ দিয়া অনুসৰি, কামৰ বিনিময়ত বিভাগটোৱে তেওঁক প্ৰায় 2 কোটি 30 লাখ টকা আদায় দিবলৈ বাকী আছে ৷ চৰকাৰ সলনি হ'ল যদিও আজিলৈ সমাধান নহ'ল তেওঁৰ সমস্যা ৷ আৰ্থিৰ দীনতাই লোক গৰাকীক ইমানেই জুৰুলা কৰিছে যে, তেওঁৰ পৰিয়ালটোক ৰাখিবলৈ নাই এটা ভাল ঘৰো ৷ কিবাকৈ এটা গোহালি সদৃশ ঘৰতে বাস কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

লগতে পঢ়ক: খাৰুপেটীয়াৰ যুৱকে উদ্ভাৱন কৰিলে বেটাৰী চালিত চাইকেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.