ধেমাজি, 18 অক্টোবৰ: মহিন্দ্ৰা ফাইনেঞ্চৰ ধেমাজীৰ কাৰ্যালয়ত তলা ওলমালে টাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ কাৰ্যকৰ্তাই ৷ কাৰ্য়ালয়টোত কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ আকস্মিক মৃত্যক লৈ ক্ষোভ প্ৰকাশ কৰি আটাছুৱে কাতি বিহুৰ দিনটোত কাৰ্যলয়টোত তলা ওলমাই ৷ অভিযোগ অনুসৰি গান্ধী জয়ন্তীৰ দিনটোত কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰী বিজিত গগৈক কোনো কামৰ বাবে বলপূৰ্বকভাৱে সংশ্লিষ্ট মুৰব্বী সকলে চিলাপথাৰলৈ যাবলৈ নিৰ্দেশ দিয়ে ৷ চিলাপথাৰলৈ গৈ থকা অৱস্থাতে দুৰ্ভাগ্যজনকভাৱে বিজিত গগৈ এক পথ দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিজিতক চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁ শনিবাৰে মৃত্যক সাৱটি লয় ৷
দুৰ্ভগীয়া বিজিতে মৃত্যক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে আটাছু তথা স্থানীয় ৰাইজ ৷ আটাছুৰ অভিযোগ চিকিৎসাধীন সময়চোৱাত উক্ত ফাইনেঞ্চৰ তৰফৰ পৰা বিজিত গগৈ তথা তেওঁৰ পৰিয়ালে কোনো ধৰণৰ সঁহাৰি নাপালে ৷ সেয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি কাৰ্যালয়টোৰ তলা বন্ধ কৰি দিয়ে ৷ পৰিয়ালটোক ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত তলাবন্ধ প্ৰত্যাহাৰ নকৰে বুলি আটাছুৰ কৰ্মী পংকজ বৰগোহাঁইয়ে মন্তব্য কৰে ৷
লগতে পঢ়ক: ক্ৰাইম ব্ৰাঞ্চৰ জিম্বাত PNRD কেলেঙকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাজীৱ পৰাশৰ