ETV Bharat / state

Orchids are in bloom: নানাৰঙী অৰ্কিডৰ সুগন্ধিত আমোলমোল চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় চৌহদ

বসন্তৰ আগমনৰ লগে লগে নানাৰঙী অৰ্কিডৰ সুগন্ধই আমোলমোলাইছে ধেমাজি জিলাৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদ ৷ এতিয়া যেনিয়েই চকু ফুৰাই তেনিয়েই দেখিব বিভিন্ন প্ৰজাতিৰ অৰ্কিড (orchids in chilapathar science college) ৷

author img

By

Published : Mar 28, 2023, 4:28 PM IST

Orchids in Chilapathar Science College
অৰ্কিডৰ সুগন্ধিত আমোলমোল চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়

জোনাই, ২৭ মাৰ্চ : প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰাজিৰ ভিতৰত অন্যতম হৈছে অৰ্কিডৰ সৌন্দৰ্য । বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন প্ৰকাৰৰ অৰ্কিড পোৱা যায় । সেইবোৰৰ প্ৰজাতি আৰু গোত্ৰভেদে তাৰ সৌন্দৰ্য তথা গুমাগুণো বেলেগ । আনহাতে, উত্তৰ-পূৰ্বাঞ্চলক অৰ্কিডৰ হাব বুলি কোৱা হয় (North East hub of Orchids) । বিশ্বৰ মুঠ অৰ্কিডৰ সিংহভাগ পোৱা যায় উত্তৰ-পূৰ্বাঞ্চলতে । উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্কিডৰ বিশ্বৰ বুকুত আছে এক সুকীয়া বৈশিষ্ট্য । একেদৰে অসমতো অৰ্কিডৰ মেটমৰা ভঁৰাল আছে (orchids of Assam) ।

বসন্তৰ আগমনৰ লগে লগেই নানাৰঙী অৰ্কিডৰ সুগন্ধই এতিয়া এক আমোলমোল পৰিৱেশৰ সৃষ্টি কৰিছে ধেমাজি জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদ (orchids in chilapathar science college) ৷ মহাবিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিলেই আপুনি সন্মুখীন হ'ব এক অপৰূপ সৌন্দৰ্যৰ । মহাবিদ্যালয় চৌহদত এতিয়া যেনিয়েই চকু ফুৰাই তেনিয়েই দেখিব প্ৰতিজোপা গছৰ ডালত ওলমি ৰৈছে বিভিন্ন প্ৰজাতিৰ অৰ্কিড (orchid plantation in chilapathar science college) ৷

মহাবিদ্যালয় চৌহদত থকা গছবোৰৰ সৈতে সংপৃক্ত কৰি মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নাৰাখি জৈৱ-বৈচিত্ৰ্য়ৰ সৈতে চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছে ৷ উল্লেখ্য, বৰ্তমান সময়ত অৰ্কিডৰ উপৰি বাসস্থানৰ অভাৱৰ বাবে পক্ষীকুলৰ প্ৰতি ভাবুকি আহি পৰিছে ৷ সেয়ে চৰাইৰ বাবে বাহ সাজি দিছে গছৰ ডালত ৷ য’ত স্থানীয় অঞ্চলত উপলব্ধ হোৱা বিবিধ প্ৰজাতিৰ চৰাইৰ আশ্ৰয়স্থল এতিয়া বিজ্ঞান মহাবিদ্যালয় চৌহদ ৷

মুঠৰ ওপৰত মাৰ্চৰ মাজভাগৰ পৰাই ফুলিব ধৰা অৰ্কিডৰ সুগন্ধত আমোলমোলাই গৈছে মহাবিদ্যালয়ৰ চৌপাশ ৷ উল্লেখ্য যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চল হৈছে অৰ্কিডৰ ৰম্যভূমি । অসমৰ জাতীয় ফুল নানাৰঙী অৰ্কিডসমূহ সংৰক্ষণৰ অভাৱত ক্ৰমান্নয়ে হেৰাই যোৱাৰ উপক্ৰম ঘটিছে । অৰ্কিড সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বিগত ২০১৮ বৰ্ষৰ পৰাই চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে উদ্যোগ গ্ৰহণ কৰি আহিছে । এইখন মহাবিদ্যালয়ৰ প্ৰচেষ্টাতেই ইতিমধ্যে গঠন হৈছে অৰ্কিড ছ'চাইটী অৱ আছামৰ (Orchid Society of Assam) । মহাবিদ্যালখনে নিজা উদ্যোগত গঢ়ি তুলিছে অৰ্কিড হাউছ । উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ প্ৰায় ১৩১ বিধ অৰ্কিড সংগ্ৰহ কৰি স্থাপন কৰিছে এই অৰ্কিড হাউছ ৷

লগতে পঢ়ক :Hailstorm in upper Assam: উজনিত শিলাবৃষ্টিয়ে ব্যাঘাত জন্মাইছে স্বাভাৱিক জীৱন-যাত্ৰাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.