ETV Bharat / state

পৰিবহণ বিষয়াক বদলি কৰাৰ ধমক

পৰিবহণ বিভাগৰ বিষয়াক চাকৰি বদলি কৰি দিয়াৰ ধমক এজন ব্যক্তিৰ ৷ অভিযুক্ত মৃদুল শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল পৰিবহণ বিষয়া নিতু চেতিয়াৰ ৷

author img

By

Published : Jun 25, 2019, 8:41 PM IST

পৰিবহণ বিষয়াক বদলি কৰাৰ ধমক

ধেমাজি, 25 জুন: কৰ্তব্যৰত অৱস্থাতে পৰিবহণ বিভাগৰ বিষয়াক চাকৰিৰ পৰা বদলি কৰি দিয়াৰ ধমক এজন লোকৰ ৷ মৃদুল শৰ্মা নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে এই অভিযোগ পৰিবহণ বিভাগৰ এনফৰ্চমেন্ট বিষয়া নিতু চেতিয়াৰ ৷ অভিযুক্ত মৃদুল শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল পৰিবহণ বিষয়াগৰাকীৰ ৷ জানিব পৰামতে,যোৱা 18 জুনত ধেমাজি নগৰত পৰিবহণ বিভাগৰ এনফৰ্চমেন্ট বিষয়া নিতু চেতিয়াৰ নেতৃত্বত থকা এটা দলে মটৰ চাইকেল আৰোহী সকলৰ হেলমেট তথা নথিপত্ৰ পৰীক্ষা কৰি থকা অৱস্থাত পত্নীৰ সৈতে হেলমেট অবিহনে চলাই গৈছিল মটৰচাইকেল ৷ সেই সময়তে হেলমেট পৰিধান নকৰাৰ বাবে জৰিমনা বিচৰাত সৃষ্টি হয় বাক বিতণ্ডাৰ ৷ বিষয়াগৰাকীক গালি গালাজ কৰাৰ লগতে তিনি দিনৰ ভিতৰত ধুবুৰীলৈ বদলি কৰি দিম বুলি হংকাৰ প্ৰদানৰ অভিযোগ মৃদুল শৰ্মাৰ বিৰুদ্ধে ৷ ইফালে,পত্নীৰ হতুৱাই পৰিবহণ বিষয়াগৰাকীৰ বিৰুদ্ধে আন এক গোচৰো ৰুজু কৰে মৃদুল শৰ্মাই ৷ অৱশ্যে তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷

Intro:ধেমাজিত কতৰ্ব্যৰ অৱস্থাত থকা পৰিবহন বিভাগৰ এনফচ’মেণ্ট বিষয়াক চাকৰি বদলি কৰি দিয়াৰ ধমক এজন লোকৰ ৷Body:৷পৰিবহন বিভাগৰ এনফৰ্চমেন্ট বিষয়া বিভাগৰ বিষয়া কৰ্মচাৰী য়ে নিয়মীয়া তালাচীৰ সময়ত হেলমেট তথা কাগজ পত্ৰ পৰীক্ষা কৰিব বিচৰা তথা হেলমেট পৰিধান নকৰাৰ জৰিমনা প্ৰদান নকৰি আতঁৰি গুছি গৈ পত্নীৰ হতুৱাই উলোটাই আৰক্ষীৰ ওছৰত এজাহাৰ দাখিল কৰিছে ধেমাজিৰ এজন ব্যক্তিয়ে ৷ উল্লেখ্য যে যোৱা ওঠৰ জুন তাৰিখে ধেমাজি নগৰত পৰিবহণ বিভাগৰ এনফৰ্চমেন্ট বিষয়া নিতু চেতিয়া ৰ নেতৃত্বত থকা এটা দলে মটৰচাইকেল আৰোহী সকলৰ হেলমেট তথা নথিপত্ৰ পৰীক্ষা কৰিথকা অৱস্থাত AS 07 J 6939 নম্বৰৰ এখন গ্লেমাৰ মটৰচাইকেল ৰে অহা মৃদুল শৰ্মা নামৰ লোকজনে পত্নীক চাইকেলত বহুৱাই লৈ আহিছিল আৰু তেনেসময়ত পৰিবহণ বিভাগৰ দলটোৱে লোকজনক ৰখোৱাৰ পিছতেই লোকজনে পত্নী ক পঠিয়াই দিয়ে এখন অটোৰে ৷ তেখেতক হেলমেট নথকাৰ বাবে জৰিমনা বিচৰাত ইয়াৰ পিচতেই তীব্ৰ বাক বিতন্ডাত লিপ্ত হয় মৃদুল শৰ্মাই ৷ এনফৰ্চমেন্ট বিষয়া নিতু চেতিয়া ক অভৱ্য গালি গালাজ কৰাৰ লগতে বিষয়া গৰাকী ক তিনি দিনৰ ভিতৰ ধুবুৰী লৈ বদলি কৰি দিম৷বুলি কোৱাৰ লগতে তই কোন মই জইন ডাইৰেক্টৰক জেললৈ পঠিয়াইছো ৷ চাই ল’ম বুলি কয় সকলো ৰাইজৰ সমুখত ৷
এই ঘটনাৰ পিচতেই উক্ত দিনাই জিলা পৰিবহণ বিষয়া ৰ জৰিয়তে এনফৰ্চমেন্ট বিষয়া নিতু চেতিয়া ই এক এজাহাৰ দাখিল কৰিছে ৷

ইপিনে পথ সুৰক্ষা সজাগতা আৰু প্ৰতিজনৰ জীৱন সুৰক্ষাৰ বাবে বিগত মাহৰ পৰা বিভাগটোৱে বিভিন্ন ঠাইত হেলমেট পৰিধান কৰাৰ ওপৰত তীব্ৰ অভিমান চলাই আহিছে হেলমেট পৰিধান নকৰাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰি আহিছিল ৷

BITE_ ১_ এজাহাৰকাৰী
নিতু চেতিয়া, এনফৰ্চমেন্ট বিষয়া, ধেমাজি ৷

ইফালে এই ঘটনাৰ সময়ত থকা সতীৰ্থ কৰ্মীয়ে ঘটনাৰ সন্দৰ্ভত এই দৰে কয় ৷

BITE_ ২_ সতীৰ্থ কৰ্মচাৰী ৷

pradunya Bharali , Dhemaji , assam , 25/6/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.