ETV Bharat / state

আধৰুৱা হৈ ৰ’ল এইবেলিৰ শিশু দিৱস - শিশু উৎকৰ্ষ

শিশু দিৱসৰ দিনাই বহু শিকিবলগীয়া কথাৰ পৰা বঞ্চিত হৈ ৰ’ল শিশুসকল ৷ এনে দিন দুনাই নাহক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে এগৰাকী শিক্ষাৰ্থীয়ে ৷

আধৰুৱা হৈ ৰ’ল এইবেলিৰ শিশু দিৱস
আধৰুৱা হৈ ৰ’ল এইবেলিৰ শিশু দিৱস
author img

By

Published : Nov 15, 2020, 10:09 AM IST

ধেমাজি, 15 নৱেম্বৰ : পোহৰৰ উৎসৱৰ দিনটোতে সমগ্ৰ দেশৰ লগতে ধেমাজিতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অনুষ্টূপীয়াকৈ উদযাপন কৰে দিপাৱলী ৷ পৰিতাপৰ বিষয় যে কৰুণাই সৃষ্টি কৰা পৰিৱেশৰ বাবে এইবেলি শিশুৰ বাবে আচহুৱা হৈ পৰিল শিশু দিৱসৰ দিনটো । উল্লেখ্য যে বিগত বছৰবোৰত কেৱল শিশুৰ বাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰি আহিছিল ।

আধৰুৱা হৈ ৰ’ল এইবেলিৰ শিশু দিৱস

দীৰ্ঘদিন ধৰি কেৱল শিশু শিক্ষা আৰু উৎকৰ্ষ বিকাশৰ বাবে ওৰেটো জীৱন উচৰ্গা কৰি অহা ধেমাজিৰ ভৰালী চুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তথা জিলা আৰু ৰাজ্যিক কৃতী শিক্ষয়িত্ৰীৰ বঁটা প্ৰাপ্ত বীনা সন্দিকৈয়ে এই দিনটোত গভীৰ দুখ প্ৰকাশ কৰিছে । শিক্ষয়িত্ৰীগৰাকীয়ে কয় যে শিশুসকলৰ উৎকৰ্ষ বিকাশ সাধনৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন অথলে গ’ল ‌। শিশুৰ বাবে আজি অচিনাকি হৈ পৰিল শিশু দিৱস । বহু শিকিবলগীয়া কথাৰ পৰা বঞ্চিত হৈ ৰ’ল। ইপিনে শিক্ষয়িত্ৰীগৰাকীয়ে এনে দিন দুনাই নাহক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে । কাৰণ আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত । সেয়ে শিশুৰ ভৱিষ্যতৰ বাবে সদায় চিন্তিত আৰু ব্যক্তিগতভাৱে প্ৰচেষ্টা অব্যাহত ৰখা শিক্ষিয়ত্ৰী গৰাকীয়ে এইবাৰ শিশু দিৱসক লৈ দুখ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: মৰিগাঁৱৰ শিশুগৃহত শিশু দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.