ETV Bharat / state

চাৰিখনকৈ কল্যাণকামী আঁচনিৰ উদ্বোধন বিধায়ক ভূবন পেগুৰ

ধেমাজিৰ চিমেন চাপৰিত এমএচিৰ চাৰিখন আঁচনি দেওবাৰে উদ্বোধন কৰে বিধায়ক ভূবন পেগুৱে ৷ অনুষ্ঠানৰ অন্তত অঞ্চলবাসীয়ে বিভিন্ন সমস্যা সমাধানৰ দাবীত বিধায়কগৰাকীক প্ৰদান কৰে এক স্মাৰকপত্ৰ ৷

author img

By

Published : Oct 11, 2020, 10:30 PM IST

MLA Bhuban Pegu inaugurated four welfare schemes jonai Dhemaji assam etv bharat news
কল্যাণকামী আঁচনিৰ উদ্বোধন

জোনাই,11 অক্টোবৰ: জোনাইৰ চিমেন চাপৰিত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰা চাৰিখন অভিলাষী আঁচনি দেওবাৰে উদ্বোধন কৰে জোনাইৰ বিধায়ক ভূবন পেগুৱে । 2019-20 বিত্তীয় বৰ্ষৰ প্ৰায় 12 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা এমএচিৰ সানজাৰি নৌগৌৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চিমেন আঞ্চলিক ব্ৰহ্ম মন্দিৰৰ চৌহদৰ বেৰ নিৰ্মাণ আঁচনিখন ফিটা কাটি উদ্বোধন কৰে বিধায়কগৰাকীয়ে ৷ পেগুৱে প্ৰদান কৰা ভাষণত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধিৰ নেতৃত্বত আৰু ঠিকাদাৰৰ সহযোগত পুঁজিৰ সৎ ব্যৱহাৰ কৰি ৰূপায়ণ কৰা অভিলাষী আঁচনিসমূহ যথেষ্ট উন্নত হৈছে বুলি কৈ ইয়াৰ দ্বাৰা জন সাধাৰণ বহু উপকৃত হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে ৷ অনুষ্ঠানৰ অন্তত অঞ্চলবাসীয়ে বিভিন্ন সমস্যা সমাধানৰ দাবীত বিধায়কগৰাকীক প্ৰদান কৰে এক স্মাৰকপত্ৰ ৷

লগতে চাওকঃ দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ'ল শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.