ETV Bharat / state

Mitali Nath Dutta went missing: যোৱা দুপ্তাহ ধৰি সন্ধানহীন মাতৃ, চকুলো টুকিছে কণমানি কন্যাই - চিমেন চাপৰিৰ অনিল দত্তৰ পত্নী

যোৱা দুসপ্তাহ ধৰি সন্ধানহীন চিমেন চাপৰিৰ অনিল দত্তৰ পত্নী মিতালী নাথ দত্ত । এঘাৰ বছৰীয়া কন্যা সন্তানটিক চিমেন চাপৰিলৈ কামৰ বাবে ওলাই গৈছিল বুলি কৈ গৈছিল ৷ কিন্তু আজিকোপতি ঘৰলৈ উভতি নাহিল মিতালী নাথ দত্ত ৷ মাতৃক বিচাৰি এতিয়া চকুলো টুকিছে কন্যাই (Mitali Nath Dutta went missing) ৷

Mitali Nath Dutta went missing from two in Jonai
সন্ধানহীন মাকক ঘৰ উভতি আহিবলৈ কন্যাৰ আহ্বান
author img

By

Published : Feb 14, 2023, 7:47 PM IST

সন্ধানহীন মাকক ঘৰ উভতি আহিবলৈ কন্যাৰ আহ্বান

জোনাই, ১৪ ফেব্ৰুৱাৰী: "মা তুমি য’তেই আছা, সোনকালেই ঘৰলৈ আহা ৷ বহুত মনত পৰিছে তোমালৈ ৷" এয়া এগৰাকী কণমানিৰ মাকক বিচাৰি কাতৰ আহ্বান ৷ ঘটনা দুসপ্তাহৰ আগৰ ৷ ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত বিশঘৰীয়া গাঁৱৰ বীৰেণ দত্তৰ পুত্ৰ অনিল দত্তৰ পত্নী মিতালী নাথ দত্ত বৰ্তমান সন্ধানহীন । এঘাৰ বছৰীয়া কন্যা সন্তানৰ মাতৃ মিতালী নাথ দত্ত (২৭) ই যোৱা ৩১ জানুৱাৰীৰ পুৱা ১১-৩০ বজাত নিজ ঘৰৰ পৰা চিমেন চাপৰি বজাৰলৈ বুলি ওলাই গৈছিল । ঘৰৰ পৰা উলাই যোৱাৰ সময়ত কন্যা সন্তানটিৰ বাহিৰে আৰু কোনো লোক উপস্থিত নাছিল ঘৰখনত ৷

কণমানিজনীয়ে জনোৱা মতে, মাকে যোৱাৰ সময়ত তাইক কৈ গৈছিল মই চিমেন চাপৰিলৈ কিবা কামত গৈ আছো ৷ তাৰ পিচত এফালে মাক ওলাই গ’ল বজাৰলৈ আনফালে কণমানিজনীও বিদ্যালয়লৈ বুলি ওলাই যায় ৷ পিচত বিদ্যালয় ছুটি হোৱাত ছোৱালীজনী ঘৰলৈ উভতি আহে যদিও একেলগে ওলাই যোৱা মাক কিন্তু ঘৰলৈ উভতি অহা নাছিল ৷

ইফালে মিতালী নাথ দত্তৰ স্বামী অনিল দত্ত এজন ৰাজমিস্ত্ৰী ৷ গতিকে কৰ্মসূত্ৰে ৰাতিপুৱাই চিমেন চাপৰিলৈ উলাই গৈছিল অনিল দত্ত ৷ তাৰ পিচত সন্ধিয়া স্বামী ঘৰলৈ উভতি আহি পত্নী সন্ধিয়া পৰ্যন্ত ঘৰলৈ উভতি নহা দেখি চিন্তিত হৈ পৰে ৷ তাৰ পিচতেই হাহাকাৰ লাগে পৰিয়ালবৰ্গৰ মাজত (Mitali Nath Dutta missing case) ৷ স্বামীৰ লগতে পৰিয়ালৰ লোকে চিমেন চাপৰিৰ বিভিন্ন অঞ্চলত মিতালী দত্তক বিচাৰি বহু বিচাৰ খোচাৰ কৰাৰ উপৰিও সম্পৰ্কীয় মানুহৰ সৈতে যোগাযোগ কৰিও কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে ।

ইফালে পত্নীক বিচাৰি যাওঁতেই সেইদিনাই দুৰ্ঘটনাত পতিত হৈছিল স্বামী ৷ দুৰ্ঘটনাত বহু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল বুলি জানিবলৈ দিয়ে স্বামী অনিল দত্তই ৷ আনহাতে ঘটনাৰ পিচদিনা স্বামী অনিল দত্তই পত্নীৰ সন্ধানহীন সম্পৰ্কীয় এখনি এজাহাৰ চিমেন চাপৰি আৰক্ষী থানাত দাখিল কৰে । ৩১ জানুৱাৰী তাৰিখৰ সেইদিনা যে ঘৰৰ পৰা ওলাই গ’ল আজিও উভতি নাহিল মিতালী নাথ দত্ত ৷ আজি দুসপ্তাহ উকলি গ’ল কিন্তু বৰ্তমানলৈকে কোনো সন্ধান নাই মিতালী নাথ দত্তৰ ৷

মাকক বিচাৰি চকুলো টুকিছে এঘাৰ বছৰীয়া কন্যা সন্তানটিয়ে ৷ স্বামীৰ লগতে পৰিয়ালবৰ্গৰ মাজতো সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ ৷ উল্লেখ্য যে মিতালী নাথ দত্তই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত বিশঘৰীয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা কন্যাক চিমেন চাপৰিৰ পৰা ঘূৰি অহা দেৰি হ’লে ফোন কৰিবলৈ এটা নতুন ফোন নম্বৰ দি গৈছিল । আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল যে নতুন নম্বৰৰ পৰা স্বামী অনিল দত্তলৈ আহিছিল এটা মেছেজ ৷

মেছেজটোত লিখা আছিল, অক্ষয় যাদৱ নামৰ এজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছো (Jonai missing case) ৷ গতিকে মোক বিচাৰি লাভ নাই ৷ মই ঘৰলৈ উভতি নাহোঁ ৷" এতিয়া এই মেছেজটো কোনো কি কাৰণত পঠিয়াইছে সেয়া লৈ বিপাঙত পৰিছে পৰিয়ালবৰ্গ ৷ ইফালে নিৰুদ্দিষ্ট মিতালী নাথ দত্তৰ কোনো লোকে সন্ধান পালে ৭০৮৬৪-৯০৪১৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: Dhubri two students missing: সন্ধানহীন ছাত্ৰীক বিচাৰি আৰক্ষী থানা ঘেৰাও স্থানীয় লোকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.