ETV Bharat / state

Jonai Violence Update:গো-পালকক আক্ৰমণ কৰা আক্ৰমণকাৰীৰ আত্মসমৰ্পণ

জোনাই মুনমুনি মাজিআলি চাপৰিৰ ঘটনাত জড়িত ন জন লোকৰ আত্মসমৰ্পণ । ভূমি বিবাদক লৈ জোনাই মুনমুনি মাজিআলি চাপৰিত মঙলবাৰে বিয়লি সংঘটিত হৈছিল মাৰপিটৰ ঘটনা ৷

author img

By

Published : Jul 6, 2023, 11:03 PM IST

Jonai latest news
ন জন লোকৰ আত্মসমৰ্পণ
ন জন লোকৰ আত্মসমৰ্পণ

জোনাই ৬ জুলাই : ভূমি বিবাদক লৈ জোনাই মুনমুনি মাজিআলি চাপৰিত মঙলবাৰে বিয়লি এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছিল ৷ উক্ত সংঘটিত হোৱা ঘটনাটোত জড়িত ন জনকৈ লোকে বৃহস্পতিবাৰে বিয়লি জোনাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷

উল্লেখ্য যে, ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত মাজিআলি মুনমুনি চাপৰিত মঙলবাৰে সন্ধিয়াৰ ভাগত উত্তেজিত কৃষকে গো-পালকৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ কৰিছিল ৷ জানিব পৰা মতে চহা পালকসকলৰ পৰিচালনা সমিতিৰ এখন সভা অনুষ্ঠিত হৈছিল মুনমুনি চাপৰিত ৷ এই সভাৰ মাজতে হঠাৎ এটা ৪০০ জনীয়া দুৰ্বৃত্তৰ এটা দলে দা-কুঠাৰ আদিৰ দৰে চোকা অস্ত্ৰ লৈ অতৰ্কিতে আক্ৰমণ কৰে গো-পালকসকলৰ ওপৰত । লগে লগে গুৰুতৰভাৱে আহত ৰাজেশ পাইত, টাপাই পাতিৰ, খগেন কুলি, লীলাধৰ কুলি, কৃষ্ণ পেগু, জান পাতিৰ, চক্ৰজিৎ চাৰহ, লীলা পেগু আৰু কানাই পেগুক ডিব্ৰুগড় আদিত্য নাৰ্চিং হোম আৰু অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । যদিও কানাই পেগু নামৰ এজন গো-পালকৰ ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিং হোমত বুধবাৰে নিশা প্ৰায় ১-৩০ বজাত মৃত্যু হয় ।

উক্ত ঘটনাৰ পিচতে মাৰপিটৰ লগত জড়িত দুষ্কৃতিকাৰীক আটক কৰিবলৈ দিনে নিশাই অভিযান চলাই জোনাই আৰক্ষীয়ে । অৱশেষত বৃহস্পতিবাৰে আবেলি এই ঘটনাৰ লগত জড়িত মুঠ ন জন লোকে জোনাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । লোক কেইজন হ’ল চবিলাল কুটুম, বিদুৰ দলে, উবাং দলে, অৱকান্ত পেগু, যুগল পেগু, আপাও দলে, ৰাগেশ্বৰ দলে, বিজয়ফুকন দলে, কলম পেগু ৷ আত্মসমৰ্পণ কৰিলে যদিও উক্ত ঘটনাৰ জড়িত আৰু অধিক ব্যক্তি বিচাৰি অভিযান অব্যাহত ৰাখিছে জোনাই আৰক্ষীয়ে ।

লগতে পঢ়ক : Tense Situation in Jonai:দুস্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত জোনাই থানা ঘেৰাও গো-পালকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.