ETV Bharat / state

অসম অৰুণাচল সীমান্ত পৰিদৰ্শন কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই - ধেমাজিত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

বিবদমান অসম অৰুণাচল সীমান্ত (Assam Arunachal Border Demarcation Issue) ৷ দেওবাৰে অসম অৰুণাচল প্ৰদেশ সীমান্তৰ ইষ্ট চিয়াং, লৱাৰ চিয়াং আৰু ধেমাজিত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ জিলা তিনিখনৰ ৩৬ খন সীমান্তৱৰ্তী বিবদমান গাঁও পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে (Jayanta Malla Baruah visited villages of Assam-Arunachal Pradesh border) ৷

minister-jayanta-malla-baruah-visited-villages-of-assam-arunachal-pradesh-border
অসম অৰুণাচল সীমান্ত পৰিদৰ্শন কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
author img

By

Published : Sep 5, 2022, 10:04 AM IST

Updated : Sep 5, 2022, 2:18 PM IST

ধেমাজি, 5 ছেপ্তেম্বৰ: বিবাদমান অসম অৰুণাচল সীমান্ত (Assam Arunachal Border Demarcation Issue) ৷ দেওবাৰে অসম অৰুণাচল প্ৰদেশ ইষ্ট চিয়াঙ আৰু লৱাৰ চিয়াঙ আৰু ধেমাজিত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷ অসম অৰুণাচল প্ৰদেশ ইষ্ট চিয়াঙ আৰু লৱাৰ চিয়াঙ আৰু ধেমাজি সহ মুঠ তিনিখন জিলাৰ মুঠ ৩৬ খন সীমান্তৱৰ্তী বিবদমান গাঁও পৰিদৰ্শন কৰি ৰাইজৰ মতামত গ্ৰহণ কৰি আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকীয়ে (Jayanta Malla Baruah visited villages of Assam-Arunachal Pradesh border) ৷

১৯৫১ চনতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সীমাক লৈ অসম অৰুণাচলীলোকৰ মাজত হোৱা মতভেদৰ খুব কম দিনৰ ভিতৰত সমাধান কৰাৰ আশ্বাস দিলে মন্ত্ৰীগৰাকীয়ে ৷ লগতে স্থানীয় সীমান্ত ৰাইজে দিয়া অভাৱ অভিযোগ আৰু আবেদনৰ আধাৰত এখন প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব বুলি জানিব দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

অসম অৰুণাচল সীমান্ত পৰিদৰ্শন কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

ইতিমধ্যে অৰুণাচলৰ ইষ্ট চিয়াঙ ,লৱাৰ চিয়াঙ জিলাৰ উপায়ুক্ত আৰু ধেমাজি জিলা উপায়ুক্তক নিজৰ নিজৰ বিবদমান সীমান্ত গাঁৱসমূহৰ ওপৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সীমাৰ কিমান ভিতৰলৈ বা বাহিৰত অৰুণাচলী বা অসমীয়া গাওঁ সোমাই আছে আদি সকলো মেপ, জি পি এছ জৰিয়তে অধ্যয়ন কৰি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে ৷

তিনিওখন জিলাৰ উপায়ুক্তই প্ৰস্তুত কৰিব এই প্ৰতিবেদন ৷ তাৰ পিছতে শীৰ্ষ বিষয়াৰ লগত অসম অৰুণাচল সীমান্ত বিবাদ সন্দৰ্ভত এখন আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী ৷ এই সংবাদমেলত ধেমাজি জিলা উপায়ুক্তৰ অসীম কুমাৰ ভট্টাচাৰ্য, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: অনিৰ্দ্দিষ্ট কাললৈ বন্ধ মাজুলী নিমাতি ফেৰী সেৱা, অফলামুখ পাৰঘাটত উত্তপ্ত পৰিস্থিতি

Last Updated : Sep 5, 2022, 2:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.