ETV Bharat / state

বান প্ৰলয়ঃ বিগত এমাহে জলবন্দী দধীয়া-লাইকাবাসী

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনগাঁও দধীয়া আৰু লাইকাৰ প্ৰায় দুই শহস্ৰাধিক লোকে বিগত এমাহে ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ বানৰ ফলত দুৰ্ভোগ ভুগি আহিছে ৷

বান প্ৰলয়ঃ বিগত এমাহে জলবন্দী দধীয়া-লাইকাবাসী
বান প্ৰলয়ঃ বিগত এমাহে জলবন্দী দধীয়া-লাইকাবাসী
author img

By

Published : Jun 27, 2020, 4:37 PM IST

জোনাই, 27 জুনঃ ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ বানত বিগত এমাহ ধৰি দুৰ্ভোগ ভুগি আহিছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনগাঁও দধীয়া আৰু লাইকাৰ প্ৰায় দুই শহস্ৰাধিক লোক ৷ ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলস্তৰে বুৰাইছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তীৰ্ণ অঞ্চল ৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গৈছে গৈছে দুযোখন গাঁৱৰে বাসিন্দাসকলৰ চাংঘৰসমূহ ৷ উপায়ন্তৰ বানাক্ৰান্তই সম্প্ৰতি চাঙৰ ওপৰতে চাং সাজি কটাবলগীয়া হৈছে দিন ৷ ইয়াৰ লগতে পশুধনৰ খাদ্যৰ অভাৱে বানাক্ৰান্ত লোসকলৰ মাজত সৃষ্টি কৰিছে এক হাহাকৰ পৰিস্থিতিৰ ৷ বন্যাৰ্ত সকলে জানিবলৈ দিয়া অনুসৰি, এই পৰ্যন্ত তেওঁলোকক উদ্ধাৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থাও লোৱা নাই ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৷ যাৰ বাবে এতিয়া টুলুঙা নাৱতে ভাৰসা কৰি বন্যাৰ্তসকলে মোকাবিলা কৰিছে বান পৰিস্থিতিৰে সৈতে ৷

বান প্ৰলয়ঃ বিগত এমাহে জলবন্দী দধীয়া-লাইকাবাসী

আমহাতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ মাজলৈয়ো সম্প্ৰতি শংকা নমাই আনিছে বানে ৷ খাদ্যৰ অভাৱত ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু বন্যপ্ৰাণী জনাঞ্চললৈ ওলাই অহা বুলি জানিব পৰা গৈছে ৷ বন্যপ্ৰাণী সমূহৰ বাবেও এই পৰ্যন্ত বন বিভাগৰ লোকে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ মুখ্যমন্ত্ৰীৰ গৃহ পঞ্চায়ত বিন্ধাকটাৰ প্ৰায় ১০ খনৰো অধিক নৈ পৰীয়া গাঁও জলমগ্ন হৈ পৰাত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে৷ স্থানীয় লোকৰ মতে বৰ্তমানলৈকে বন্যাৰ্তসকলৰ বাবে সাহাৰ্য শিৱিৰৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসনে৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী সোনোৱালৰ ওপজা গাঁও মুলুক গাঁৱৰ সমীপৱৰ্তী দধীয়া আৰু লাইকা অঞ্চল ৷ আনপিনে খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰা চাবুৱাত ডিব্ৰু নৈৰ খহনীয়াত জাহ গৈছে ইখনৰ পিছত সিখন ঘৰ ৷ কিন্তু ইমানৰ পিছতো মুখ্যমন্ত্ৰী সোনোৱালে খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে ৷

টুলুঙা নাৱেই ভাৰসা বন্যাৰ্তসকলৰ
টুলুঙা নাৱেই ভাৰসা বন্যাৰ্তসকলৰ

লগতে পঢ়কঃ বেকীৰ বানত প্লাবিত কলগাছিয়াৰ কুৰিখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.