ধেমাজি,11 জুন: কৰ'ণা আতংকৰ সমান্তৰালভাৱে বানক লৈ শংকিত হৈ পৰিছে ধেমাজিৰ বৃহত্তৰ পেহীয়তিবাসী ৰাইজ ৷ কাৰণ প্ৰৱল বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটোৰ একমাত্ৰ ৰক্ষা কৱচ কুমটীয়া নদীৰ প্ৰায় চাৰি কিল'মিটাৰ দৈঘ্যৰ বাওঁপাৰৰ মথাউৰিটো । কেইবাদিন ধৰি হোৱা প্ৰৱল বৰষুণ আৰু গৰু, মহ অহা যোৱা কৰাৰ ফলত ডাঙৰ-ডাঙৰ গাঁতৰ সৃষ্টি হৈছে উক্ত মথাউৰিটোত । ফলত মথাউৰিটো ছিগি যোৱাৰ আশংকাত চৰকাৰলৈ অপেক্ষা নকৰি বুধবাৰে পেহীয়তি অঞ্চলৰ যুৱক সংঘৰ যুৱক যুৱতী আৰু স্থানীয় ৰাইজে একত্ৰিত হৈ মথাউৰিটোত সৃষ্টি হোৱা ৰেইন কাট সমূহ শ্ৰমদানেৰে মেৰামতি কৰে ৷
উল্লেখ্য যে, প্ৰখৰ ৰ'দকো নেওচি হাতে-হাতে কোৰ, দা , বস্তা লৈ মথাউৰিটোৰ নিৰ্মাণৰ বাবে ওলাই আহে অঞ্চলটোৰ যুৱক যুৱতী সকলৰ লগতে স্থানীয় লোক ৷ লগতে এই দুৰ্যোগৰ সময়ত শীৰ্ঘ্ৰেই ৰেইন কাট সমূহ মেৰামতি কৰি মথাউৰিটো সুৰক্ষিত কৰিবলৈ জলসম্পদ বিভাগক দাবী জনাইছে ৰাইজে ৷ অন্যথা প্ৰৱল বৰষুণত মথাউৰিটো ক্ষতিগ্ৰস্ত হৈ পুনৰ পেহীয়তিকে ধৰি প্ৰায় 30 খন গাঁও বানত ডুব যোৱাৰ আশংকা কৰিছে প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ অভি-নীল হত্যাকাণ্ডৰ দুটা বছৰ সম্পূৰ্ণঃ ন্যায় কেতিয়া?