ETV Bharat / state

Bhuban Pegu: জোনাই সমষ্টিক গ্ৰাম্য পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস - MLA Bhuban Pegu

জোনাই বিধানসভা সমষ্টিক গ্ৰাম্য পৰ্যটনৰ এক নতুন গন্তব্যস্থানৰূপে চিহ্নিত কৰোৱাৰ উদ্দেশ্যে জোনাইৰ বৰ্ষাৰণ্য পবাৰ পবামুখ পৰিদৰ্শন বিধায়ক ভূৱন পেগুৰ । এই উদ্দেশ্যেৰে বুধবাৰে চিৰুং গাঁৱৰ পৰা পবামুখলৈ পৰিদৰ্শন কৰে বিধায়ক ভূৱন পেগুৱে ।

To transform Jonai into a rural tourist destination
জোনাই সমষ্টিক গ্ৰাম্য পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 3:04 PM IST

জোনাই সমষ্টিক গ্ৰাম্য পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস

জোনাই,২১ ছেপ্টেম্বৰ: জোনাই বিধানসভা সমষ্টিৰ কেমি জেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত পবা বনাঞ্চলৰ কাষতে লাগি থকা চিৰুং গাঁৱত আজি পৰিদৰ্শন কৰে বিধায়ক ভূৱন পেগুৱে ৷ জোনাই বিধানসভা সমষ্টিক গ্ৰাম্য পৰ্যটনৰ এক নতুন গন্তব্যস্থানৰূপে চিহ্নিত কৰোৱাৰ উদ্দেশ্যে চিৰুঙৰ পৰা পবামুখলৈ যোৱা কেঁচা পথটিক পকী পথলৈ ৰূপান্তৰিত কৰাৰ লগতে গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ আৰু বিকাশ সাধন কৰাৰ বাবে পৰিকল্পনা হাতত লৈ বাস্তৱ ৰূপ প্ৰদান কৰাৰ উদ্দেশ্যে বুধবাৰে চিৰুং গাঁৱৰ পৰা পবামুখলৈ পৰিদৰ্শন কৰে বিধায়ক ভূৱন পেগুৱে ।

ইফালে পৰিদৰ্শনৰ সময়ত বিধায়ক ভূৱন পেগুৱে সাংবাদ মাধ্যমৰ আগত কয় যে, প্ৰতি বছৰে এক বৃহৎ সংখ্যক পৰ্যটক ফুৰিবলৈ আহে অসমলৈ । কিন্তু অসমৰ গ্ৰাম্যাঞ্চলসমূহৰ এতিয়াও প্ৰসাৰ আৰু প্ৰচাৰ ঘটাবলৈ আছে যথেষ্ট কৰণীয় । গ্ৰাম্য পৰ্যটন বৰ্তমান সমগ্ৰ বিশ্বতে পৰ্যটনৰ এক জনপ্ৰিয় মাধ্যম । অসম-অৰুণাচল সীমান্ত অৱস্থিত গ্ৰামাঞ্চলৰ পবামুখৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, নদী, চাহবাগান, খেতি পথাৰ, গ্ৰাম্য জীৱন প্ৰণালী, বিভিন্ন জনজাতীয় কৃষ্টি-সংস্কৃতি এই সকলোবোৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ যথেষ্ট থল আছে বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ।

ইয়াৰোপৰি উক্ত অঞ্চলত পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিলে ধেমাজি জিলাৰ একমাত্ৰ বাচি থকা পবা বৰ্ষাৰণ্য সুৰক্ষাৰ লগতে উক্ত অঞ্চলত যুগ যুগ ধৰি বসবাস কৰা লোক সকলৰ বাবে উন্নত হ'ব ৰাস্তা ঘাট আদি ৷ সেই বাবে অসমৰ পৰ্যটন অৰ্থনীতি, নিয়োগ আৰু আয় বৃদ্ধিৰ ক্ষেত্ৰত গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: Tangkhul Naga Long statement: মণিপুৰত কুকি উগ্ৰপন্থীক সকীয়নি টাংখুল নগা লঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.