ETV Bharat / state

Maumari Eco Tourism Centre: আন্তঃগাঁথনিৰ অভাৱত ধেমাজিৰ মৌমাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰ - Tourist places in Assam

পৰ্যটন ক্ষেত্ৰত আমূল পৰিৱৰ্তন অনাৰ কথা কোৱা চৰকাৰখনৰ দিনত আন্তঃগাঁথনিৰ অভাৱত নিচিহ্ন হ'বলৈ ধৰিছে বহু পৰ্যটন ক্ষেত্ৰ । প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুকলি কৰা ধেমাজিৰ মৌমাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰটোৰ প্ৰতি কানসাৰ নাই ৰজাঘৰীয়াৰ । সেয়ে পৰিচালনা কমিটিৰ সদস্যসকলে গ্ৰহণ কৰে বিশেষ পদক্ষেপ ।

Lack of infrastructure Moumari Eco-Tourism Centre
আন্তঃগাঁথনিৰ অভাৱত ধেমাজিৰ মৌ মাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰ
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 7:08 PM IST

আন্তঃগাঁথনিৰ অভাৱত ধেমাজিৰ মৌ মাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰ

ধেমাজি,৫ অক্টোবৰ: বছৰ বছৰ ধৰি ৰজাঘৰীয়া সূদৃষ্টিৰ পৰা উপেক্ষিত ধেমাজিৰ অতি সম্ভাৱনাময় বিনোদনৰ একমাত্ৰ পৰ্যটন কেন্দ্ৰ হৈছে মৌমাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰ ৷ মুঠ ১০০ বিঘা মাটিকালিৰ ভিতৰত থকা এখন উদ্যান আৰু পৰ্যটকসকলৰ বাবে এটা কেন্দ্ৰ আৰু ৬৫ বিঘা বিশাল পানীকালিৰ এটা পুখুৰী ৷

২০১১ চনতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে ধেমাজি মৌমাৰীত কেন্দ্ৰটো মুকলি কৰিছিল যদিও বৰ্তমান আন্তগাঁথনিৰ অভাৱত পৰ্যটকক আকৃষ্ট কৰিব পৰা নাই ৷ সেয়ে চৰকাৰলৈ অপেক্ষা নকৰি পৰ্যটকৰ বাবে পুনৰুজ্জীৱিত কৰি তুলিবলৈ চ'ছাইটিৰ বিষয় ববীয়াসকলে অৱলম্বন কৰিছে নতুন পন্থা ৷ তেওঁলোকে বিশাল পুখুৰীটোত আয়োজন কৰিছে বৰশী বোৱা প্ৰতিযোগিতা ৷

প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাৰ জৰিয়তে ধেমাজিৰ মৌমাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰটোৱে প্ৰচাৰ লাভ কৰাৰ সমান্তৰালভাৱে আন্তগাঁথনি উন্নয়ন কৰি সৌন্দৰ্যবৰ্ধন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে ৷ লগতে পৰিৱৰ্তনকামী চৰকাৰক ধেমাজিৰ দৰে উদ্যোগবিহীন জিলাত পৰ্যটনৰ ক্ষেত্ৰখনত এনেধৰণৰ চৰকাৰৰ অধীনৰ চ'ছাইটি সমূহক সুদৃষ্টি দিবলৈ আহ্বান জনাইছে ৷ মন কৰিবলগীয়া যে বছৰত এটা দিন পৰিৱেশ পৰ্যটন দিৱস ধুমধামেৰে উদযাপিত কৰি আহে যদিও কাৰ্যত অন্তঃসাৰশূন্য হিচাপে প্ৰতিফলন ঘটিছে ৷

উল্লেখ্য যে এইদৰেই আন্তঃগাঁথনিৰ অভাৱত বহু পৰ্যটন ক্ষেত্ৰ এতিয়া ধ্বংস হোৱাৰ পথত । উল্লেখ্য যে ২০১০ চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে মুকলি কৰা মাজুলীৰ আন এক পৰ্যটন নিৱাসৰো আজিৰ তাৰিখত বিধ্বস্ত পৰিৱেশ । ক্ৰমাৎ ভূত বাংলালৈ পৰিণত হৈছে মাজুলীৰ এই পৰিৱেশ পৰ্যটন ক্ষেত্ৰ ।

লগতে পঢ়ক: AAMSU protest : সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ সমস্যা সমাধানৰ দাবীত AAMSU ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.