ETV Bharat / state

Kherai Puja of Bodo tribes : জোনাইত পৰম্পৰাগত খেৰাই পূজাত অংশগ্ৰহণ বিশ্বজিৎ দৈমাৰীৰ - জোনাইত পৰম্পৰাগত খেৰাই পূজা

ধেমাজি জিলাৰ সানজাৰি নৌগৌৰৰ চিমেন চাপৰিত পৱিত্র বাথৌ খেৰাই পূজা অনুষ্ঠিত হয় (Kherai Puja at Jonai)। এই পূজাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে । বিটিআৰৰ ৰাজনীতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে নেতাগৰাকীয়ে ।

Kherai Puja of Bodo tribes
জোনাইত পৰম্পৰাগত খেৰাই পূজা
author img

By

Published : Feb 16, 2023, 7:29 PM IST

জোনাইত পৰম্পৰাগত খেৰাই পূজা

জোনাই, ১৬ ফেব্ৰুৱাৰী : বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত মানৱ সমাজৰ ঐক্য, শান্তি, প্ৰগতি আৰু উন্নয়নৰ মহান লক্ষ্য আগত ৰাখি ধেমাজি জিলাৰ সানজাৰি নৌগৌৰৰ চিমেন চাপৰিত দ্বিতীয় বাৰ্ষিক পৱিত্র বাথৌ খেৰাই পূজা অনুষ্ঠিত কৰা হয় (Kherai Puja at Jonai)। পুৱা ১০ বজাৰ পৰা বাথৌ খেৰাই বেদী নিৰ্মাণ কৰি সিজু গছ, তুলসী, বিৰিণা, বাঁহ স্থাপন কৰা হয় । ধৰ্মীয় ৰীতি-নীতিৰে এই পূজা উদযাপন কৰা হয় ।

ইয়াৰ পাচতে পুৰোহিত আৰু পূজাৰীসকলে বাথৌ খেৰাই পূজাৰ সকলো নিয়ম সম্পাদন কৰে । অনুষ্ঠানত বাথৌ খেৰাই পূজাৰ তাৎপৰ্যপূৰ্ণ ব্যাখ্যা আগবঢ়াই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, বিশ্বব্ৰহ্মাণ্ডৰ মানৱ সমাজৰ কল্যাণৰ বাবে ঈশ্বৰৰ ওচৰত পূজা অৰ্চনা কৰা হয় (Biswajit Daimary on Kherai Puja)। মানৱ সমাজৰ ঐক্য, শান্তি, প্ৰগতি আৰু উন্নয়নৰ লগতে ৰোগ, ব্যাধি নিৰাময়ৰ বাবে প্ৰাচীন কালৰে পৰাই বড়োসকলে বাথৌ খেৰাই পূজা পালন কৰি আহিছে ।

ইফালে বড়োভূমিৰ ৰাজনীতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধ্যক্ষগৰাকীয়ে হাগ্ৰাম মহিলাৰীক এজন খেতিয়কৰ সৈতে তুলনা কৰে (Biswajit Daimary reacts over BTR politics) ৷ এজন খেতিয়কে যেনেকৈ খেতিৰ সময় হ'লে নাঙল লৈ সাজু হয় তেনেকৈ হাগ্ৰামা মহিলাৰীও নিৰ্বাচনৰ লগে লগে সাজু হৈছে বুলি মন্তব্য কৰে । ইয়াৰ উপৰিও বাল্য বিবাহ সম্পৰ্কতো অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি সমৰ্থন জনাই বিধানসভাৰ অধ্যক্ষগৰাকীয়ে ৷

সমাজৰ মংগলৰ বাবে চৰকাৰে এনে পদক্ষেপ হাতত লোৱা বুলি তেওঁ মন্তব্য কৰে ৷ বিটিআৰৰ সম্প্ৰসাৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য সন্দৰ্ভতো বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে মন্তব্য কৰে ৷

উল্লেখ্য যে খেৰাই পূজাৰ এই অনুষ্ঠানত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী, উপ মুখ্য কাৰ্য্যবাহী সদস্য ৰোমিঅ’ নাৰ্জাৰী, উপাধ্যায় সৃজৌন বসুমতাৰী, কাৰ্যবাহী সদস্য অনিল বসুমতাৰী, বিনোদ বসুমতাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰী, মলেন্দ্ৰ নাৰ্জাৰী, ইউবিপিঅ'ৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, উপ সভাপতি ললিত চন্দ্ৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্ম, সহকাৰী সাধাৰণ সম্পাদক অবিৰাম বড়ো উস্থিত থাকে ।

ইয়াৰ উপৰিও ইউবিপিঅ'ৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বহু সংখ্যক নেতা, বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ সভাপতি দিলীপ বসুমতাৰী, সাধাৰণ সম্পাদক মানিক বড়ো, নিখিল বড়ো ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়ো, উপদেষ্টা শিৱৰাম বসুমতাৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই পূজাত ।

লগতে পঢ়ক:Karbi Youth Festival: পাঁচ সহস্ৰাধিক যুৱ শিল্পীৰ অংশ গ্ৰহণেৰ বৰ্ণময় তাৰালাংচ’ৰ বাকৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.