ETV Bharat / state

১০০ বিঘা মাটিত মাকৈ খেতিৰে সেউজ বিপ্লৱ সূচনা গাঁৱৰ যুৱকৰ

সেউজ বিপ্লৱৰ সূচনাৰে স্বাৱলম্বী হোৱাৰ চেষ্টা ধেমাজীৰ কেইজনমান যুৱকৰ ৷ ১০০ বিঘা মাটিত মাকৈ খেতি আৰম্ভ কৰি কৃষি কৰ্মৰে মাটি আৰু মানুহৰ সম্পৰ্কক অধিক মজবুত কৰাৰ প্ৰয়াস কৰিছে ৷

author img

By

Published : Dec 24, 2020, 6:53 AM IST

jonai's youth are busy in field
১০০ বিঘা মাটিত মাকৈ খেতিৰে সেউজ বিল্পৱৰ সূচনা গাঁৱৰ যুৱকৰ

জোনাই,24 ডিচেম্বৰ : কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ধেমাজীৰ কেইজনমান যুৱকে ৷ সেউজ বিপ্লৱৰ সূচনাৰে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰি এবিঘা,দুবিঘা নহয় প্ৰায় ১০০ বিঘা মাটিত আৰম্ভ কৰিছে মাকৈ খেতি ৷ জোনাই মহকুমা কৃষি বিভাগৰ অন্তৰ্গত নং ১ মূৰ্কংচেলেক গাঁৱৰ গিৰিণ কুম্বাং, জন কুম্বাং,ৰাজেশ পেগু,নকেশ পেগু, নৱ পেগু,লব গগৈ,বাবা কুম্বাং,আনন্দ মিলি,গোবিন্দ মিলিয়ে আত্মসংস্থাপনৰ লক্ষ্য আগত ৰাখি কৃষি কৰ্মৰে মাটি আৰু মানুহৰ মাজত যাউতিযুগীয়া সম্পৰ্কক অধিক মজবুত কৰাৰ প্ৰয়াস কৰিছে ৷ গ্ৰাম্য অৰ্থনীতিৰ মূল শিপাডালে হৈছে কৃষি ৷ দেশৰ অৰ্থনীতি সুস্থিৰ কৰাত পূৰ্বৰ পৰাই মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে কৃষিয়ে ৷ সেয়েহে মূৰ্কংচেলেকৰ এই যুৱসকলে জ'নাই কৃষি বিভাগৰ পৰা মাকৈ বীজ সংগ্ৰহ কৰি জ'নাইত মাকৈ খেতিৰে সেউজ বিপ্লৱ সূচনা কৰাত শলাগ লৈছে সকলোৱে ৷

jonai's youth are busy in field
১০০ বিঘা মাটিত মাকৈ খেতিৰে সেউজ বিপ্লৱ সূচনা গাঁৱৰ যুৱকৰ

উল্লেখ্য যে,মাকৈ বীজ ৰোপনত জ'নাই কৃষি বিভাগৰ কৃষি উন্নয়ন চক্ৰৰ কৃষি উন্নয়ন বিষয়া পংকজ পুৰাণ,কৃষি সম্প্ৰসাৰণ সহায়ক সুনীল দ'লে আৰু কৰ্ণ কান্ত চেলেঙে উপস্থিত থকাৰ লগতে পংকজ পুৰাণে যুৱক সকলৰ এনে প্ৰচেষ্টাক আদৰনি জনাই আৰু জোনাই কৃষি বিভাগৰ ফালৰ পৰা পাম্পচেট আৰু কেচুসাৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যুৱ খেতিয়ক কেইগৰাকীক ৷ ইয়াৰ উপৰিও এই সকল নিৱনুৱা যুৱকে আলু,নহৰু,ঘেহু,জলকীয়া আদিৰ খেতি কৰিছে ৷

লগতে পঢ়ক: দিব্যাংগসকলক হুইলচেয়াৰ আৰু শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰিলে অসম ৰাইফলছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.