জোনাই, 29 নৱেম্বৰঃ শুকুৰবাৰে বিভিন্ন সমস্যাৰ দাবীত জোনাইত যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদৰ সময়ছোৱাত যুৱ কংগ্ৰেছৰ কৰ্মীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰজ্ঞা ঠাকুৰৰ পুত্তলিকা দাহ কৰে ৷ ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থা,নিবনুৱা সমস্যা,মধ্যাহ্ন ভোজন ৰান্ধনী সমস্যা, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিকে ধৰি বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ প্ৰতিবাদত সমগ্ৰ দেশৰ লগতে জোনাইতো ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী ৷
ধেমাজি জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু জোনাই মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত বিজেপি চৰকাৰ গ' বেগ,নৰেন্দ্ৰ মোদী মূৰ্দাবাদ,সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,মূল্য বৃদ্ধি ৰোধ কৰক,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক ইত্যাদি ধ্বনি দি জোনাই মহকুমাধিপতি কাৰ্যালয় চৌহদত ধৰ্ণা দিয়ে ৷ ধৰ্ণাৰ অন্তত অসমৰ ৰাজ্যপাললৈ মহকুমাধিপতিৰ জৰিয়তে প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ৷ ইফালে জাতিৰ পিতা মহাত্মা গান্ধীক বিজেপিৰ প্ৰজ্ঞা ঠাকুৰে বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত জোনাই সদৰৰ মাজমজিয়াত যুৱ কংগ্ৰেছে দাহ কৰে প্ৰজ্ঞা ঠাকুৰ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা ৷