ETV Bharat / state

জোনাইত বড়ো দল সংগঠনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - সংযুক্ত বড়ো গণ মঞ্চ

সমগ্ৰ অসমৰ বড়ো জাতিৰ প্ৰবল আন্দোলনৰ ফলশ্ৰতিত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ,অসম চৰকাৰ আৰু বিএলটিৰ মাজত স্বাক্ষৰিত হোৱা বিটিচি চুক্তি অনুসৰি কোকৰাঝাৰ,চিৰাং,বাক্সা আৰু ওদালগুৰি জিলাক সামৰি বিটিএডি গঠন কৰা হ'ল যদিও অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষাধিক বড়ো জনগণ বিটিএডিৰ আওতাৰ বাহিৰত ৰৈ গ'ল ।

jonai road block by protesters
জোনাইত বড়ো দল সংগঠনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
author img

By

Published : Sep 7, 2020, 11:01 PM IST

জোনাই, ৭ ছেপ্তেম্বৰ: জোনাইত সোমবাৰে সংযুক্ত বড়ো গণ মঞ্চৰ নেতৃত্বত কেবাটাও দল সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংযুক্ত বড়ো গণ মঞ্চই যোৱা দহ বছৰে বিটিএডিৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষাধিক বড়ো জনগণৰ বাবে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী জনাই আহিছে ।

কংগ্ৰেছৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষৰটো কাৰ্য্যকালৰ অন্তিমখন কেবিনেটত বিটিএডি বাহিৰৰ বড়োসকলৰ বাবে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীক অনুমোদন জনোৱা হয় ৷ পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল নেতৃত্বৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কেবিনেটত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিষয়টো গ্ৰহণ কৰে ।

আনহাতে ২৭ জানুৱাৰী ২০২০ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ,অসম চৰকাৰ,এবছু,এনডিএফবিৰ চাৰিওটা গোট আৰু সংযুক্ত বড়ো গণ মঞ্চৰ মাজত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰৰ ৫ নং ধাৰাৰ ৫.১ দফাত বিটিএডিৰ বাহিৰৰ অসমৰ বড়োসকলৰ বাবে সুকীয়া স্বায়ত্ব শাসনৰ ব্যৱস্থা সন্নিবিষ্ট আছে । বিটিআৰ চুক্তি সম্পাদিত হোৱা সাত মাহ উকলি যোৱাৰ পিছত ৩১ আগষ্টৰ পৰা অনুষ্ঠিত চলিত অসম বিধানসভাৰ বৰ্ষাকালীন অধিবেশনত বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বাবে অসম চৰকাৰে তৎপৰতা গ্ৰহণ কৰিছিল । কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল যুগ যুগ ধৰি সাংবিধানিক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ অহা বিটিএডিৰ বাহিৰৰ বড়োসকলৰ ৰাজনৈতিক,শৈক্ষিক,আৰ্থ-সামাজিক,সাংস্কৃতিক,ভূমিৰ অধিকাৰ আদিৰ সুৰক্ষাৰ বাবে গঠন হ'বলগা বহু প্ৰত্যাশিত বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দিশত শেহতীয়াকৈ হেঙাৰ হিচাপে থিয় দিলে অসম চৰকাৰৰ সহযোগী বিপিএফ দলে ।

বিপএফ দলে বিটিএডিত হ'ব লগা বিটিচি নিৰ্বাচনৰ বাবে এই বড়ো কছাৰী অটন'মাচ কাউঞ্চিল গঠনত চৰকাৰ বাধা প্ৰদান কৰে৷ যাৰ বাবে সদ্যসমাপ্ত বিধানসভাৰ অধিৱেশনত এই বিল উত্থাপন কৰিব নোৱাৰিলে বুলি অভিযোগ আনিছে সংযুক্ত বড়ো গণ মঞ্চই ৷ বিপিএফ দলৰ এনে কাৰ্য্যৰ বাবে সংযুক্ত বড়ো গণ মঞ্চ আৰু আন আন বড়ো সংগঠনে জোনাইত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰী,জনজাতি উন্নয়ন মন্ত্ৰী চন্দন ব্ৰহ্ম বড়ো জাতিৰ নামত ৰাজনৈতিক ব্যৱসায় বন্ধ কৰিবলৈ সকীয়াই দিয়ে বিপিএফৰ নেতৃত্বক ।

সমগ্ৰ অসমৰ বড়ো জাতিৰ প্ৰৱল আন্দোলনৰ ফলশ্ৰতিত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ,অসম চৰকাৰ আৰু বিএলটিৰ মাজত স্বাক্ষৰিত হোৱা বিটিচি চুক্তি অনুসৰি কোকৰাঝাৰ,চিৰাং,বাক্সা আৰু ওদালগুৰি জিলাক সামৰি বিটিএডি গঠন কৰা হ'ল যদিও অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষাধিক বড়ো জনগণ বিটিএডিৰ আওতাৰ বাহিৰত ৰৈ গ'ল । বিটিএডিৰ বাহিৰৰ বড়োসকলৰ ৰাজনৈতিক,আৰ্থ-সামাজিক,শৈক্ষিক,সাংস্কৃতিক আদি দিশৰ উত্তৰণৰ বাবে শীঘ্ৰে নিৰ্বাচনৰ সময়ত বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি অনুসৰি শীঘ্ৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বাবে আহ্বান জনাই চৰকাৰক ।

জোনাইত বড়ো দল সংগঠনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

আজিৰ ধৰ্ণা কাৰ্যসূচীত ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি মনোৰঞ্জন বসুমতাৰী,সম্পাদক অশোক দৈমাৰী,সাংগঠনিক সম্পাদক অনিৰাম ওৱাৰী,তৰণী বসুমতাৰী,জোনাই আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক অশোক বসুমতাৰী,ধেমাজি জিলা আবৌফৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী,জোনাই আঞ্চলিক আবৌফৰ সভানেত্ৰী বাইলেং গয়াৰী,অবিভক্ত লক্ষীমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ উপদেষ্টা বিউটি গয়াৰী,জোনাই প্ৰাইমাৰী প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি হিতেশ বড়ো লগতে লগতে ইউবিপিঅৰ শতাধিক কৰ্মকৰ্তাই প্ৰতিকৃতি দাহ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি বিপিএফ মুৰ্দাবাদ,হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ,চন্দন ব্ৰহ্ম গ' বেক,বিকেএচিৰ নামত ৰাজনৈতিক ব্যৱসায় বন্ধ কৰক,প্ৰমীলাৰাণী ব্ৰহ্ম হুচিয়াৰ,বিকেএচি আমাৰ প্ৰাপ্য,আমাৰ দাবী ন্যাৰ্য্য দাবী আদি শ্ল'গান দি জোনাইৰ পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক: অৰুণাচল প্ৰদেশক চীনৰ দক্ষিণ তিব্বতৰ অংশ বুলি দাবী কৰিলে কোনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.