ETV Bharat / state

জোনাইত জ্বলিল হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি - ইউবিপিঅ

অসম বিধানসভাৰ চলিত বৰ্ষাকালীন অধিৱেশনত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদখন গঠনৰ দাবীক বিপিএফে বিৰোধিতা কৰাৰ প্ৰতিবাদত বুধবাৰে জোনাই -চিমেন চাপৰিত হাগ্ৰামা মহিলাৰী, চন্দন ব্ৰহ্ম আৰু প্ৰমীলাৰাণী ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰিলে সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅ'ই ৷

JONAI-PROTEST_UBPI
বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীত উত্তাল জোনাই
author img

By

Published : Sep 3, 2020, 9:41 AM IST

জোনাই,3ছেপ্টেম্বৰ : চলিত অসম বিধানসভা অধিবেশনত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীত উত্তাল হৈ পৰে জোনাই-চিমেন চাপৰি ৷ সংযুক্ত বড়ো গণ মঞ্চই (ইউবিপিঅ) বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰী,চন্দন ব্ৰহ্ম আৰু প্ৰমীলাৰাণী ব্ৰহ্মৰ প্ৰতিমূৰ্তী দাহেৰে কৰিলে প্ৰতিবাদ ৷ এই পুত্তলিকা দাহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মনোৰঞ্জন বসুমতাৰী, অশোক দৈমাৰী, অনিৰাম ওৱাৰী, তৰণী বসুমতাৰীকে ধৰি সংগঠনটোৰ বিভিন্ন আঞ্চলিক সমিতিৰ নেতাসকলে ৷ প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে বড়ো কছাৰী স্বায়ত্ত্বশাসিত পৰিষদখন গঠন কৰিবলৈকো জনালে আহ্বান ৷ অন্যথা বড়ো সমাজে আৰু অধিক জংগী ৰূপত আন্দোলন গঢ়ি তোলাৰ বাবেও দিলে হুংকাৰ ৷

বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীত উত্তাল জোনাই

অন্য এক খবৰৰ বাবে: মালিগাঁৱত পুণৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

উল্লেখ্য যে,সংযুক্ত বড়ো গণ মঞ্চই এটা দশক ধৰি বিটিএডিৰ বাহিৰে অসমৰ 21খন জিলাত বসবাস কৰা দহ লক্ষাধিক বড়ো জনগণৰ বাবে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী জনাই আহিছিল । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষৰটো কাৰ্যকালৰ অন্তিমখন কেবিনেটতো বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীক অনুমোদন জনোৱা হৈছিল ৷ পৰৱৰ্তী সময়ত বৰ্তমানৰ বিজেপি শাসিত চৰকাৰখনে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছিল ৷ ২০২০ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ , এবছু, এনডিএফবিৰ চাৰিওটা গোট আৰু সংযুক্ত বড়ো গণ মঞ্চৰ মাজত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰৰ পাঁচ নং কলম অনুসৰি অসমৰ বড়োসকলৰ বাবে কৰা হয় সুকীয়া স্বায়ত্ত শাসনৰ ব্যৱস্থা ৷

JONAI-PROTEST_UBPI
বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীত উত্তাল জোনাই

মন কৰিবলগীয়া যে, অসম বিধানসভাৰ চলিত ৰ্বষাকালীন অধিৱেশনত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বাবে অসম চৰকাৰে তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ইফালে, বিটিএডিৰ বাহিৰৰ বড়োসকলৰ ৰাজনৈতিক, শৈক্ষিক, আৰ্থ-সামাজিক, সাংস্কৃতিক, ভূমিৰ অধিকাৰ আদি সুৰক্ষাৰ বাবে গঠন হ'ব লগা বহু প্ৰত্যাশিত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দিশত শেহতীয়াকৈ হেঙাৰ হিচাপে থিয় দিছে অসম চৰকাৰৰ সহযোগী বিপিএফ দলে ৷ বিপিএফ দলৰ এনে কাৰ্যক সংযুক্ত বড়ো গণ মঞ্চই ধিক্কাৰ জনোৱাৰ লগতে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে বড়ো জনগোষ্ঠীটোৰ নামত চলাই থকা ৰাজনৈতিক ব্যৱসায়খন শীঘ্ৰে বন্ধ কৰিবলৈ দিলে সকীয়নি ৷

অন্য এক খবৰৰ বাবে: অবৈধ মাৰনাস্ত্ৰৰ সৈতে তেজপুৰত আটক এজন

২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰ, ৰাজ্য আৰু বিএলটিৰ মাজত হোৱা বিটিচি চুক্তি অনুসৰি কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাক সামৰি বিটিএডি গঠন কৰা হয় যদিও অসমৰ 21খন জিলাত বসবাস কৰা দহ লক্ষাধিক বড়ো জনগোষ্ঠীৰ লোকসকল থাকি গৈছে বিটিএডি অঞ্চলৰ বাহিৰত ৷ তাৰোপৰি, ২০০৩ চনৰ পৰাই বিটিএডিত শাসন চলাই অহা বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে প্ৰতিটো বিধানসভা তথা লোকসভা নিৰ্বাচনৰ সময়ত বড়োসকলক প্ৰতাৰণা কৰি আহিছে বুলি উল্লেখ কৰিলে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত ইউবিপিঅৰ নেতৃত্বই ৷ যাৰ বাবে সংগঠনটোৱে ক্ষোভিত হৈ বিপিএফৰ শীৰ্ষ নেতা হাগ্ৰামা মহিলাৰী, চন্দন ব্ৰহ্ম আৰু প্ৰমীলাৰাণী ব্ৰহ্মৰ প্ৰতিমূৰ্তী কৰিলে দাহ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.