ETV Bharat / state

জোনাইত আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী: সৰৱৰাহকাৰী আটক

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতে জোনাইতো আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা আৰু ড্ৰাগছ জব্দ কৰিবৈলৈ সক্ষম হৈছে ৷

author img

By

Published : Jun 16, 2021, 10:48 PM IST

jonai police arrested durgs peddler
জোনাইত আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ গাঞ্জা, ড্ৰাগছসহ সৰবৰাহকাৰী

জোনাই, 16জুন : ৰাজ্যত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam Police) ৷ প্ৰতিখন জিলাতে ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে আৰক্ষী অধীক্ষক সকল ৷ প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী (DRUGS PEDDLER) পৰিছে আৰক্ষীৰ জালত ৷

ইপিনে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতে জোনাইতো আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে ৷ মঙলবাৰে জোনাই আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জোনাই লাইমেকুৰী টাক গৃটুঙত প্ৰায় ৩৭০ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

ইপিনে জোনাই আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাসে জনোৱা মতে, মঙলবাৰে সন্ধিয়া জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসন্ন সোণোৱালৰ নেতৃত্বত লাইমেকুৰী টাক গৃটুং গাঁৱত অভিযান চলাই থাকোতে দুজন যুৱক বাইকত আহি এখন দোকানত ৰখে ৷ আনহাতে যুৱক দুজনৰ ওপৰত সন্দেহ হোৱাত আৰক্ষীয়ে তালাচী চলাই পকেটৰ পৰা কিছু পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰে ৷

একেদৰে যুৱক দুজনৰ চিকাৰোক্তিৰ ভিত্তিত লাইমেকুৰী টাক গৃটুং এখন ঘোমটি দোকানৰ তালাচী চলাই গাঞ্জা বেপাৰী ভদ্ৰৰাম মিলিক (৫০) গাঞ্জাৰ সৈতে আটক কৰে ৷ লগতে দুজন গাঞ্জা আসক্ত সঞ্জয় ময়ং (২১), প্ৰভাত পেগু (২১) আটক কৰে জোনাই আৰক্ষীয়ে ৷ জানিব পৰা মতে, ভদ্ৰৰাম মিলি (৫০) নামৰ ব্যক্তিজনৰ দোকানৰ পৰা আৰক্ষী দলে প্ৰায় ৩৭০ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, লাইমেকুৰী অঞ্চলত ভদ্ৰৰাম মিলি (৫০) দীৰ্ঘদিনে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় কৰি আহিছে বুলি আৰক্ষীয়ে সদৰি কৰিছে ।

আনহাতে, বুধবাৰে জোনাই মহকুমাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত চমকং, কলেজ ৰোড অঞ্চলত অভিযান চলাই তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে চিমেন চাপৰি আৰক্ষী ৷ লগতে সৰবৰাহকাৰী তিনিটাৰ পৰা নগদ ১ লাখ ৩ হাজৰ টকা আৰু প্ৰায় ২২.৩৮ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে ।

ইপিনে সৰবৰাহকাৰী কেইটা লাইমেকুৰী টাক গৃটুঙৰ গাঁৱৰ নৱীন বৰি (২৯), চিমেন চাপৰি কলেজ ৰোডৰ অতুল দেৱ(৩৫) আৰু চমকং পাগৰৰ দিব্য দাৰিগ(৫০)বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি নিচাযুক্ত দ্ৰব্য জোনাই মহকুমাৰ পৰা নিৰ্মূল কৰিব নোৱাৰা পৰ্যন্ত তীব্ৰ গতিত এই অভিযান চলি থাকিব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ আৰক্ষীক কামুৰি পলায়নৰ চেষ্টা ড্ৰাগছ সৰবৰাহকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.