জোনাই, 3 মাৰ্চ : জোনাইৰ কবুচাপৰিৰ 1 নং ৱাৰ্ডত আছিল শইচে-মৎস্যে উভৈনদী এখন সুন্দৰ সেউজীয়া জনবসতিৰে ভৰপূৰ গাঁও ৷ শাৰী শাৰীকৈ থকা ঘৰবোৰ ভৰি আছিল সুখ আৰু হাঁহিৰে ৷ ঠিক কবিয়ে বৰ্ণনা দিয়াৰ দৰেই ৷ কিন্তু তাত এতিয়া গাঁওখন নাই ৷ বিগত বৰ্ষত চিয়াং নৈৰ প্ৰলয়ংকৰী বানে তচনচ কৰি পেলালে গাঁওখন ৷ বালি পৰি পোত গ'ল ধাননি পথাৰ আৰু চুবুৰীবোৰ ৷ ঘৰবোৰ বানত বিধ্বস্ত হোৱাৰ পাচত এতিয়া ঘৰৰ জঁকাবোৰত ওলমি ৰৈছে সৰ্বহাৰা গাঁওবাসীৰ হা-হুমুনিয়াহবোৰ ৷ ঘৰ-বাৰী-পথাৰ একোৱেই বাচি নাথাকিল বলিয়া বানৰ পৰা ৷ কেউফালে মৰুভূমি সদৃশ পৰিবেশ ৷
চকুৰ আগতে নিচিহ্ন হোৱা গাঁওখনত জীৱিকাৰ কোনো পথ মুকলি নোহোৱাত গাঁও এৰি জোনাইলৈ ঢাপলি মেলিছে গৃহহীন পৰিয়ালসমূহ ৷ এসময়ৰ জনবসতিপূৰ্ণ গাঁওখন এতিয়া পৰিণত হ'ল জনশূন্য উদং বালিচৰত ৷ সেউজীয়াৰ পৰিৱৰ্তে তাত এতিয়া মাথোঁ আছে চৌদিশে শুকান বালি ৷ ঘৰ- বাৰী, কৃষিভূমি হেৰুৱাই গৃহহীন হোৱা পৰিয়াল সকলক চৰকাৰে পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰায় এবছৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ পৰিছে এইসকল বন্যাৰ্ত ৷ বহুকেইটা পৰিয়ালে এতিয়াও বিভিন্ন অঞ্চলত অঘৰীৰ দৰে জীৱন- যাপন কৰিছে । জৰা-জীৰ্ণ কাঠ-বাঁহৰ জকাসদৃশ ঘৰবোৰে এতিয়া মাথোঁ সাক্ষী হৈ ৰৈছে এইখন গাঁৱৰ অপমৃত্যুৰ ৷