জোনাই,১ জুলাই : জোনাইত বানাক্ৰান্তৰ মাজত অবৰ্ণনীয় পৰিস্থিতি ৷ চিয়াং নদীৰ ভয়ংকৰ বান খহনীয়াত বেৰা চাপৰিত সম্পূৰ্ণকৈ জাহ গল ১৫ টাতকৈয়ো অধিক পৰিয়ালৰ বাসগৃহকে ধৰি সকলো সম্পত্তি ৷ তাৰোপৰি ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ডেৰ শতাধিক পৰিয়াল ৷ বেৰা চাপৰিৰ অন্তৰ্গত বেৰা বেংগলীৰ মথাউৰিত আশ্ৰয় ল'ব লগা হৈছে কণ কণ শিশু সহ বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকসকল।
যোৱা ১৫ টাতকৈ অধিক দিন মুক্ত আকাশৰ তলতে এইসকল গৃহহাৰা পৰিয়ালে তেওঁলোকৰ ঘৰচীয়া জীৱ জন্তুৰ লগতে সহবাস কৰি এতিয়া দিন পাৰ কৰিব লগা হৈছে ৷ আনহাতে মথাউৰিত আশ্ৰয় গ্ৰহণ কৰি থকা এইসকল বানাক্ৰান্তৰ মাজত প্ৰয়োজনীয় খাদ্য, ত্ৰিপালকে ধৰি প্ৰয়োজনীয় বান সাহায্য যোগান নধৰাত মানুহৰ লগতে পশুধন সমূহেও সংকটত বিশেষকৈ খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে । সকলোৱে এমুঠি অন্নৰ বাবে কৰিব লগা হৈছে হাহাকাৰ ।
জানিব পৰা মতে বানাক্ৰান্ত ১৩১টা পৰিয়ালৰ মাজত মাথোঁ ৯খন আৰু ৪১টা পৰিয়ালৰ মাজত ১০খন ত্ৰিপাল দিয়েই প্ৰশাসনে সামৰিছে দায়িত্ব ৷ ১৫ দিনতকৈও অধিক সময় মুকলি আকাশৰ তলত এনেদৰে অনাহাৰে থকাৰ পাছতো মহকুমা প্ৰশাসনে ঘৰচীয়া জন্তু সমূহৰ বাবে পশুখাদ্য যোগান নধৰাত পশুৰ মাজতো স্বাস্থ্যৰ অৱনতি ঘটা দেখা গৈছে ৷
মংগলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ এটা সজাতি দলে বানপিড়িত অঞ্চলটো পৰিভ্ৰমণ কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে কণ কণ শিশুৰ মাজত বিতৰণ কৰিলে বিস্কুটকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী ৷
জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দলটোৱে এইসকল বানাক্ৰান্তক পৰ্যাপ্ত খাদ্য সামগ্ৰী, উন্নত মানৰ টিৰপাল, বিশুদ্ধ খোৱা পানীকে ধৰি পশুখাদ্য আদি বান সাহায্য যোগান ধৰি সহায় কৰিবলৈ জোনাই মহকুমা প্ৰশাসনক জনালে আহ্বান ।
লগতে পঢ়ক : ডিব্ৰুগড়ত বিজেপি নেতাৰ পত্নীৰ ৰহস্যজনক মৃত্যু