ETV Bharat / state

জোনাইত বিদুৎ বিভাগৰ মৰনফান্দ - বাহৰ খুঁটাৰে বিদ্যুৎ সৰবৰাহ

জোনাই শক্তি বিভাগৰ চৰম হেমাহিৰ বাবে যিকোনো সময়তে ঘটিব পাৰে ভয়ংকৰ অঘটন ৷ বিভাগটোৱে চৰম হেমাহিৰে এডাল বাঁহৰ খুঁটাৰে বিদ্যুৎ সৰবৰাহ কৰাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

jonai-electricity-poor-condition
জোনাইত বিদুৎ বিভাগৰ মৰফান্দ
author img

By

Published : Jul 19, 2020, 6:58 PM IST

জোনাই ১৯,জুলাইঃ জোনাইত মানুহ,পশুধনৰ জীৱনক লৈ হেতালি শক্তি বিভাগৰ ৷ মহকুমাটোৰ প্ৰান্তে প্ৰান্তে জোনাই শক্তি বিভাগে পাতিছে মানুহ,জীৱ জন্তুৰ মৰণফান্দ ৷ জোনাই শক্তি বিভাগৰ চৰম হেমাহিৰ বাবে যিকোনো সময়তে ঘটিব পাৰে ভয়ংকৰ অঘটন ৷ জোনাইৰ জেলম চুক গাঁৱত যোৱা প্ৰায় দুমাহৰ পূৰ্বে ধমুহাত ভাঙিছিল এটা বিদ্যুতৰ খুঁটা ৷ ফলত বিদ্যুতৰ তাঁৰ বিপদজনকভাৱে ওলমি থকাত ভঙা খুঁটাতো সলাই দিবলৈ বাৰম্বাৰ শক্তি বিভাগৰ কৰ্মচাৰীক অনুৰোধ জনোৱাৰ পিছতো কাণসাৰ নিদিয়াত মানুহ গৰু ছাগলী বিদ্যুৎ স্পৃষ্ট হোৱাৰ আশংকাত স্থানীয় ৰাইজে নিজেই লগালে এডাল বাঁহৰ খুঁটা ৷

জোনাইত বিদুৎ বিভাগৰ মৰফান্দ

ঠিক একেদৰে পুৰণা জেলম প্ৰাথমিক বিদ্যালয় কাষতো জোনাই শক্তি বিভাগে ফাতিছে আন এক মৰন ফান্দ ৷ বিভাটোৱে চৰম হেমাহিৰে এডাল বাঁহৰ খুঁটাৰে বিদ্যুৎ সৰবৰাহ কৰাত সংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ কাৰণ যিকোনো মূহুৰ্তত গৰু বা বতাহত বাঁহৰ খুঁটা পৰি বিদ্যুৎ স্পৃষ্ট হ‘ব পাৰে মানুহৰ লগতে পশুধনৰ ৷ উল্লেখযোগ্য যে অঞ্চলটোৰ কেবাঠাইতো বিপদজনকভাৱে গছ,বাহৰ মাজেৰে বিদ্যুৎ সৰববাহ কৰাত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ অৱশ্যে জোনাইত এয়া উদাহৰণহে ৷ কাৰণ বিভাগটোৰ চৰম হেমাহি কিম্বা মানুহ,জন্তুৰ জীৱনক লৈ হেতালি খেলা এনে বিপদজনক দৃশ্য প্ৰান্তে প্ৰান্তে সুলভ হৈ পৰিছে জোনাইত ৷

লগতে পঢ়কঃ বিশেষভাবে সক্ষম বনজিতে দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.