ETV Bharat / state

জোনাই নাও দুৰ্ঘটনাত সন্ধানহীন কিশোৰী

জোনাইত সংঘটিত নাও দুৰ্ঘটনাটোত সন্ধানহীন হয় ৰশ্মি দেউৰী নামৰ ১২ বছৰীয়া এগৰাকী কিশোৰী ৷ ইফালে নাওখনত নাৱৰীয়াসহ মুঠ ৮ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটোত দৈৱক্ৰমে ৫ বছৰীয়া শিশু , মাতৃসহ ৭ জন লোক পাৰলৈ সাঁতুৰি আহি প্ৰাণ ৰক্ষা কৰে যদিও দুৰ্ঘটনাৰ সময়ৰ পৰা নিখোজ হৈ আছে ১২ বছৰীয়া কিশোৰী গৰাকী ৷

author img

By

Published : Jun 26, 2020, 10:10 PM IST

Jonai
জোনাই

জোনাই, ২৬ জুনঃ ধেমাজি জিলাৰ জোনাইত নৈ, উপনৈসমূহৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰা পাছত বৃহস্পতিবাৰে জোনাইত সংঘটিত হয় নাও দুৰ্ঘটনা ৷ জোনাই মহকুমাৰ বাহিৰ জোনাই লোহিজান পঞ্চায়তৰ অন্তৰ্গত জোনাই নদীখনত ৰাকুট কেমেৰেৰ পৰা এটা পৰিয়াল ৰোহিতপুৰ দেউৰী গাঁৱলৈ এখন টুলুঙা নাৱেৰে পাৰ হোৱা অৱস্থাত বৃহস্পতিবাৰে সন্ধিয়া নাও দুৰ্ঘটনাত পতিত হয় ৷

জোনাই নাও দুৰ্ঘটনাত সন্ধানহীন কিশোৰী

লগতে পঢ়কঃ কোভিত-19 ত আক্ৰান্ত হৈ অসমৰ প্ৰথম গৰাকী আৰক্ষীৰ মৃত্যু

নাও দুৰ্ঘটনাটোত সন্ধানহীন হয় ৰশ্মি দেউৰী নামৰ ১২ বছৰীয়া এগৰাকী কিশোৰী ৷ ইফালে নাওখনত নাৱৰীয়াসহ মুঠ ৮ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটোত দৈৱক্ৰমে ৫ বছৰীয়া শিশু , মাতৃসহ ৭ জন লোক পাৰলৈ সাতুৰি আহি প্ৰাণ ৰক্ষা কৰে যদিও দুৰ্ঘটনাৰ সময়ৰ পৰা নিখোজ হৈ আছে ১২ বছৰীয়া কিশোৰী গৰাকী ৷ ৰশ্মি দেউৰীৰ ভগ্নীয়ে প্ৰশাসনক ৯ বজাত খবৰ দিয়াৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় জোনাই আৰক্ষী আৰু SDRF বাহিনী ৷

বৃহস্পতিবাৰে নিশাৰ পৰা জোনাই আৰক্ষী আৰু SDRF বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও এই পৰ্যন্ত কিশোৰীগৰাকীৰ কোনো সন্ধান পোৱা নাই প্ৰশাসনে ৷ বৰ্তমানেও ঘটনাস্থলীত কিশোৰীগৰাকীৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.