ETV Bharat / state

সমজিলা উদ্বোধনত দ্বিতীয় দিনাও উথপথপ অসমৰ ভিন্ন প্ৰান্ত - SUB DISTRICTS IN ASSAM

Xama Zilla in Assam: শনিবাৰে উদ্বোধন কৰা হয় ১১ খন জিলাত ১৮ খন সমজিলা । কেইবাজনো মন্ত্ৰীয়ে উদ্বোধন কৰে চাৰিখনকৈ সমজিলা ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Several ministers inaugurated Xama Zilla in different parts of Assam
কোনে ক'ত উদ্বোধন কৰিলে সমজিলা ? (ETV Bharat Assam)

নিউজ ডেস্ক,৫ অক্টোবৰ: আজি সমজিলা উদ্বোধনৰ দ্বিতীয়টো দিন । দ্বিতীয়টো দিনত ১১ খন জিলাত উদঘাটন কৰা হয় ১৮ খন সমজিলা । ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে উদ্বোধন কৰে সমজিলাসমূহ । সমজিলাৰ বিভিন্ন কাৰ্য-কলাপ সম্পন্ন কৰাৰ বাবে নিৰ্মাণ কৰা কাৰ্যালয়সমূহ ফিটা কাটি উদ্বোধন কৰে মন্ত্ৰীসকলে ।

জাগীৰোডত মন্ত্ৰী পীযুষ হাজৰীকা:

জাগীৰোডত মন্ত্ৰী পীযুষ হাজৰীকাই উন্মোচন কৰে সমজিলা । সমজিলা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এয়া অসমৰ ৰাইজৰ বাবে এক আশাপদ পদক্ষেপ বুলি উল্লেখ কৰে । লগতে বিৰোধীক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী হাজৰীকাই । বিৰোধীক সমালোচনা কৰি তেওঁ কয়,"জ্যোতিষীয়ে আগৰ নামটো বেয়া বুলি কৈছে ছাগে, সেয়ে বিৰোধী শব্দটো উঠাই দিছে । বিৰোধী ঐক্যমঞ্চৰ সলনি অসম সন্মিলিত মৰ্চা নামেৰে নামাকৰণ কৰিছে ।"

লগতে মন্ত্ৰীগৰাকীয়ে নাম নোলোৱাকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি কয়,"যিয়ে ২০২৬ ত চৰকাৰ গঠন কৰিম বুলি কৈ আছে, তেওঁৱেই তিনিবাৰকৈ নিৰ্বাচন হাৰিছে । প্ৰথমে বিধায়ক হৈ লওক, তাৰপিছত চৰকাৰ বনাওক । তেওঁলোকে আকাশত চাং পাতি থাকক, সপোনত চৰকাৰ বনাই থাকক ৷ আমি পুনৰ চৰকাৰ গঠন কৰিম আৰু হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব ।"

লাহৰীঘাটত মন্ত্ৰী কেশৱ মহন্ত:

লাহৰীঘাটত আজি সমজিলাৰ আয়ুক্ত কাৰ্যালয় শুভ উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই । প্ৰশাসনক তৃণমূল পৰ্যাযলৈ নিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে ভাৰতৰ ভিতৰত অসমতে পোন প্ৰথমে সমজিলা গঠন কৰিবলৈ সক্ষম হ'ল বুলি মন্তব্য কৰে মন্ত্ৰী মহন্তই ।

লাহৰীঘাট সমজিলাৰ আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰি মন্ত্রী কেশৱ মহন্তই কয়,"প্ৰশাসনক একেবাৰে ঘৰৰ পদূলিলৈ লৈ যোৱাৰ দৰে হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক সাহসী পদক্ষেপ বুলি ক'ব লাগিব । ৰাজ্যখনৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি ক'ব লাগিব ।"

দিছপুৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী:

ৰাজ্যৰ বিভিন্ন স্থানৰ সমজিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ দিছপুৰ চক্ৰ বিষয়া কাৰ্যালয়টো আজিৰে পৰা দিছপুৰ সমজিলা হিচাপে মুকলি কৰা হয় । শনিবাৰে কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । লগতে উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক অতুল বৰা, মেয়ৰ মৃগেন শৰণীয়া, DCP মৃণাল ডেকা আৰু সহকাৰী জিলা আয়ুক্ত মঞ্জিত বৰকটকীয়ে ।

অনুষ্ঠানটোত ভাষণ প্ৰসংগত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে প্ৰশাসনিক কাম-কাজৰ বাবে এতিয়াৰে পৰা যাব নালাগে আয়ুক্ত কাৰ্যালয়লৈ । এই সমজিলাৰ জৰিয়তে প্ৰশাসনিক ব্যৱস্থাক জনতাৰ অধিক কাষলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে । এই ব্যৱস্থাৰ জৰিয়তে অধিক ক্ষীপ্ৰতাৰে উন্নয়ন হ'ব । দিনটোৰ ভিতৰতে সাধাৰণ ৰাইজে নিজৰ যাৱতীয় কামসমূহ কৰি ঘৰলৈ ঘূৰি যাব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লামডিঙত মন্ত্ৰী নন্দিতা গাৰ্লোচা:

সমান্তৰালভাৱে হোজাই মূল জিলাৰ লামডিঙকো আজিৰ পৰা সমজিলা হিচাপে ঘোষণা কৰা হয় । লংকাৰ বামুনগাঁৱত উক্ত সমজিলাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্রী নন্দিতা গাৰ্লোচা । মন্ত্রী নন্দিতা গাৰ্লোচাই আজি লামডিঙক আনুষ্ঠানিকভাৱে উদ্বোধনী অনুষ্ঠানৰ সভাৰ জৰিয়তে ৰাইজৰ মাজত সমজিলা হিচাপে ঘোষণা কৰে । উক্ত অনুষ্ঠানত হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলাখনৰ কেইবাজনো অতিৰিক্ত আয়ুক্ত, লামডিং আৰু হোজাই সমষ্টিৰ বিধায়ক ক্ৰমে শিবু মিশ্ৰ আৰু ৰামকৃষ্ণ ঘোষ, জিলা বিজেপিৰ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক: মহকুমা অতীত হ'ল: সমজিলাৰে ভৰি পৰিল সমগ্ৰ অসম - SUB DISTRICT IN ASSAM

সমজিলা : ইয়াৰ বৈশিষ্ট্য আৰু নাগৰিকে লাভ কৰিবলগীয়া সেৱাসমূহ - Equal District in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.