ETV Bharat / state

DAC Election 2022: দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু হৈছে ধেমাজি জিলা প্ৰশাসন - DAC নিৰ্বাচনৰ বাবে সাজু হৈছে জোনাই প্ৰশাসন

কাইলৈ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (Deuri Autonomous Council election) ৷ সাজু হৈ উঠিছে জোনাই মহকুমা প্ৰশাসন ৷ এইবেলি জোনাইত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ৫ টা ভোট কেন্দ্ৰত ৯৬৮ জন ভোটাৰে ভোট দান কৰিব ৷

Jonai Administration ready for upcoming DAC Election 2022
দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু হৈছে জোনাই প্ৰশাসন
author img

By

Published : Nov 7, 2022, 8:23 PM IST

Updated : Nov 7, 2022, 8:49 PM IST

ধেমাজি/জোনাই, 7 নৱেম্বৰ: কাইলৈ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (Deuri Autonomous Council election) ৷ দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সুকলমে অনিষ্ঠিত কৰিবলৈ সষ্টম হৈ পৰিছে সংশ্লিষ্ট জিলাসমূহৰ প্ৰশাসন ৷ ভোট কেন্দ্ৰলৈ ৰাওনাৰ বাবে সাজু হৈ উঠিছে নিৰ্বাচনী বিষয়া আৰু নিৰাপত্তাৰক্ষীসকল ৷

লগতে সাজু হৈ উঠিছে জোনাই মহকুমা প্ৰশাসনো ৷ এইবেলি জোনাইত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ৫ টা ভোট কেন্দ্ৰত ৯৬৮ জন ভোটাৰে ভোট দান কৰিব ৷ জানিব পৰা মতে, প্ৰতিটো ভোট কেন্দ্ৰতে সুকলমে আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন কৰিবলৈ চাৰিজনকৈ নিৰ্বাচনী বিষয়া আৰু ৬ জনকৈ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে ৷

২০ জনকৈ নিৰ্বাচনী বিষয়া আৰু ৪০ জন নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৷ মুঠৰ ওপৰত আগন্তুক দেউৰী নিৰ্বাচনৰ বাবে সাজু জোনাই মহকুমা প্ৰশাসন (Jonai Administration ready for DAC Election 2022) ৷

দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু হৈছে ধেমাজি জিলা প্ৰশাসন

ধেমাজি সদৰ মহকুমা অধীনৰ চাৰিটা সমষ্টি ক্ৰমে বৰদলনি , গোগামুখ, চিৰিপানি আৰু চিচিবৰগাঁও মুঠ ১৬টা ভোটকেন্দ্ৰত ৮০৯৩ গৰাকীয়ে ভোটাধিকাৰ সাৱ্যস্ত কৰিব ৷ সেয়ে আজি পুৱাৰে পৰা ধেমাজি গ্ৰামোন্নয়ন অভিকৰন কাৰ্যালয়ৰ প্ৰাংগণত জিলা প্ৰশাসনে ভোট কেন্দ্ৰত প্ৰয়োজনীয় বেলট পেপাৰসহ আনুসংগিক সামগ্ৰীসমূহ পুনৰীক্ষণ কৰি বিতৰণ কৰিছে পুলিং আৰু পিজাইডিং বিষয়াসকলক ৷

ইপিনে নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া নন্দিতা বৰুৱাই কাইলৈ ভোটকেন্দ্ৰসমূহত প্ৰয়োজনীয় আৰক্ষী মোতায়েন কৰিছে আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰে ৷

উল্লেখযোগ্য যে, আগন্তুক 8 নৱেম্বৰত হ’বলগীয়া আগন্তুক দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ (DAC Election 2022) বাবে বিগত 5 অক্টোবৰত বিজেপিয়ে সংকল্প পত্ৰ মুকলি কৰিছিল (Release Sankalpa Patra) । মনকৰিবলগীয়া যে, ৰাজ্যৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথসহ 8 খন জিলাত 22 টা সমষ্টিত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান হ’ব ৷

ইফালে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন শান্তপূৰ্ণভাৱে সমাপন কৰিবলৈ লখিমপুৰ জিলাত 144 ধাৰা জাৰি কৰা হৈছে ৷ জিলা দণ্ডাধীশৰ নিৰ্দেশ মতে, দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ ১৫ নং বৰ দেউৰী সমষ্টিৰ শান্তি নগৰ, বৰুৱা চুবা, মাজৰ চুবা, দক্ষিণ চুবা, শদিয়াল চুবা, কুলি চুবা আৰু উদ্দেশ্যপুৰ গাঁও এলেকা ১৪৪ ধাৰাৰ অধীনত থাকিব ।

তেনেদৰে ১৬ নং বাহগড়া সমষ্টিৰ অন্তৰ্গত এক নং বাহগড়া, দুই নং বাহগড়া, দুই আৰু তিনি বাহগড়া গাঁও ১৪৪ ধাৰাৰ অধীনত থাকিব ।

লগতে পঢ়ক: DAC Election 2022 : দেউৰী পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাওনা বিষয়া কৰ্মচাৰী

Last Updated : Nov 7, 2022, 8:49 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.