ETV Bharat / state

BJP Joining Program: কংগ্ৰেছ দল এতিয়া এটা নচলা পইচা: সিদ্ধাংকু অংকুৰ বৰুৱা

ধেমাজিৰ তেলিজানস্থিত আন্তঃজিলা বাছ আস্থানত অনুষ্ঠিত হয় ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদান কাৰ্যসূচী (Joining Program of Bharatiya Janata Yuva Morcha in Dhemaji) । ধেমাজি জিলা ভাৰতীয় জনতা যুৱ মৰ্চা উদ্যোগত অনুষ্ঠিত কৰা এই যোগদান কাৰ্যসূচী প্ৰায় ১০০০ লোকে যোগদান কৰে বুলি দাবী কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই ।

Joining Program of Bharatiya Janata Yuva Morcha in Dhemaji
কংগ্ৰেছ দল এতিয়া এটা নচলা পইচা: সিদ্ধাংকু অংকুৰ বৰুৱা
author img

By

Published : Apr 30, 2023, 7:29 AM IST

কংগ্ৰেছ দল এতিয়া এটা নচলা পইচা: সিদ্ধাংকু অংকুৰ বৰুৱা

ধেমাজি,৩০ এপ্ৰিল: শনিবাৰে ধেমাজিৰ তেলিজানস্থিত আন্তঃজিলা বাছ আস্থানত ধেমাজি জিলা ভাৰতীয় জনতা যুৱ মৰ্চা উদ্যোগত অনুষ্ঠিত কৰা হয় ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদান কাৰ্যসূচী (Joining Program in Dhemaji) । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই । ৰাজ্যিক সভাপতিগৰাকীৰ উপস্থিতিত ভালে সংখ্যক লোকে যোগদান কৰে বিজেপিৰ যুৱ মৰ্চা দলত (Joining Program of Bharatiya Janata Yuva Morcha in Dhemaji) ।

যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি সিদ্ধাংকু অংকুৰ বৰুৱাই তীক্ষ্ণ সমালোচনাৰে থকা-সৰকা কৰে কংগ্ৰেছক (Sidhuanku Ankur Baruah slams Congress) । তেওঁ কয় যে কংগ্ৰেছ দল এতিয়া এটা নচলা পইচা । বৰ্তমান কংগ্ৰেছ দলত সুৰক্ষিত নহয় নাৰী । নাৰী শক্তিক অপমান কৰা দল এটাৰ প্ৰতি নতুন প্ৰজন্মই আকৰ্ষিত নহৈ এতিয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতি আকৃষ্ট হোৱা বুলি উল্লেখ কৰে বৰুৱাই (Sidhuanku Ankur Baruah on Angkita Dutta) ।

লগতে তেওঁ কয় যে অচিৰেই অসমৰ এজন জনপ্ৰিয় শিল্পীও বিজেপিৰ জনতা যুৱ মৰ্চাত যোগদান কৰিব ৷ আজিৰ যুৱ প্ৰজন্মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰ্দশৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যাব পাৰে । জাতীয়তাবাদৰ লগতে ৰাষ্ট্ৰীয়তাবাদৰ ভেটী প্ৰতিষ্ঠা কৰি অসমীয়াৰ স্বাভিমান জিলিকাব বিচাৰে বুলিও উল্লেখ কৰে বৰুৱাই ৷

লগতে তেওঁ উল্লেখ কৰে যে ইতিমধ্যে এইখন চৰকাৰে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে ৷ জিলাখনৰ এহেজাৰগৰাকী লোকে ভাৰতীয় জনতা যুৱ মৰ্চাত অংশগ্ৰহণ কৰা বুলি দাবী কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ ভাৰতীয় জনতা পাৰ্টী তথা ভাৰতীয় জনতা যুৱ মৰ্চা সদায় ভাৰতীয় ঐতিহ্য-সংস্কৃতি ৰক্ষাৰ প্ৰতি দায়বদ্ধ । গতিকে ভৱিষ্যতে আৰু অধিক লোকে BJP তথা ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদান কৰিব বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

শনিবাৰে অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত ধেমাজি জিলাৰ জোনাই, চিলাপথাৰ, মাছখোৱা, গোগামুখ আদিৰ পৰা বহুলোক আহি বিজেপিৰ যুৱ মৰ্চা দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ উক্ত অনুষ্ঠানত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি, সম্পাদকৰ লগতে জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তকে ধৰি দলটোৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: Laser show at Rang Ghar: ৰংঘৰত প্ৰধানমন্ত্ৰী মোডীৰ মন কী বাত অনুষ্ঠানক লৈ ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.