ETV Bharat / state

Jiyadhal River embankment: জীয়াঢলৰ মথাউৰি নিৰ্মাণেও শংকামুক্ত কৰা নাই ধেমাজিবাসীক

author img

By

Published : May 4, 2023, 2:10 PM IST

বাৰিষা আহিলেই উদ্বিগ্ন হৈ পৰে ধেমাজিবাসীৰ লগতে সংশ্লিষ্ট বিভাগীয় বিষয়ববীয়াসকল । কাৰণ ধেমাজিবাসীৰ চকুলো খ্যাত জীয়াঢল নদীৰ ঢৌৱে বিগত সময়ত বিস্তৰ ক্ষতিসাধন কৰিছে ধেমাজিৰ হাজাৰ হাজাৰ লোকৰ (Jiyadhal River)।

Jiyadhal River
ধেমাজিবাসীৰ চকুলো খ্যাত জীয়াঢল নদী
ধেমাজিবাসীৰ চকুলো খ্যাত জীয়াঢল নদী

ধেমাজি, ৪ মে:বাৰিষাৰ পূৰ্বেই ধেমাজিৰ জীয়াঢলত আৰ এম ই পদ্ধতিৰে নিৰ্মাণ কৰা মথাউৰিটো সম্পূৰ্ণ কৰাৰ বাবে যুদ্ধকালীন তৎপৰতা সংশ্লিষ্ট বিভাগৰ (Jiyadhal embankment construction in Dhemaji)৷ বিভাগটোৱে সমাগত বাৰিষাক লৈ ধেমাজিত ক্ষীপ্ৰতাৰে জীয়াঢলৰ আটাইকেইটা মথাউৰি নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে ৷ বিশেষকৈ ধেমাজি জীয়াঢলৰ টেকজুৰি বৰ্মন গাঁৱৰ পৰা ধেমাজি চমৰাজানৰ ৰে'লৰ পথ আৰু ১৫নং ৰাষ্ট্ৰীয় ঘাইপথলৈকে মুঠ ছয় কিলোমিটাৰ দৈৰ্ঘৰ মথাউৰিটোৰ নিৰ্মাণ কাম ৮৫ শতাংশ সম্পূৰ্ণ হৈছে ৷

উল্লেখ্য যে পঞ্চাশ কোটি টকা ব্যয়সাপেক্ষে যোৱা বছৰৰ পৰা জীয়াঢলৰ সোঁ পাৰৰ মথাউৰিটো আৰ এম ই পদ্ধতিৰে নিৰ্মাণ কৰি আছে এটা বহুজাতিক নিৰ্মাণ সংস্থাই ৷ যোৱা বছৰ বাৰিষাৰ পৰা নিৰ্মীয়মান মথাউৰিটোৰ চমৰাজানৰ ৰে'ল আলিৰ সমীপত এটা অংশত ক্ষতি হৈছিল (Sluice Gate at Rally Ali of Chamarajan)৷ ফলত চৰকাৰৰ জলসম্পদ বিভাগে ক্ষতিগ্ৰস্ত অংশত শ্লুইচ গেট দিয়াৰ আঁচনি গ্ৰহণ কৰে ৷ এইক্ষেত্ৰত ধেমাজি জলসম্পদ বিভাগে উল্লেখ কৰা মতে, মথাউৰিৰ ক্ষতি হোৱা অংশত 1.16 কোটি ব্যয়সাপেক্ষে শ্লুইচ গেট নিৰ্মাণ হ'ব । কিন্তু এইবছৰ বাৰিষা সমাগত যদিও শ্লুইচ গেটৰ উমঘামেই নাই ৷

ইপিনে,আৰ এম ই পদ্ধতিৰে নিৰ্মাণ কৰি থকা জীয়াঢলৰ সোঁপাৰৰ মথাউৰিটোৰ সম্পৰ্কত নিৰ্মাণ সংস্থাটোৰ প্ৰকল্প বিষয়া দেৱজিত ডেকাই কয় যে বাৰিষাৰ পূৰ্বেই মথাউৰিটো সম্পূৰ্ণ হৈ উঠিলে এই মথাউৰিটোৰ পৰা ধেমাজিবাসীয়ে বানৰ পৰা সকাহ পাব ৷ এই মথাউৰিটোৰ পৰা যোৱা বছৰ বানতো বিশেষ ক্ষতি হোৱা নাছিল যদিও এটা অংশ বিশেষ কাৰণত ক্ষতিগ্ৰস্ত হৈছিল আবদ্ধ পানীৰ বাবেহে ৷ ইতিমধ্যে মাটিৰ কাম চলি আছে ৷ মে' শেষলৈ মথাউৰিটোৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে বুলি তেওঁ কয় ৷

সেইদৰে জীয়াঢলপৰীয়া স্থানীয় TMPKৰ নেতাও উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা মথাউৰিটোক লৈ যথেষ্ট আশাবাদী ৷ কিয়নো অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলশ্ৰুতিত লাভ কৰিছিল এনেধৰণৰ প্ৰযুক্তিৰ সমাহাৰ ঘটা মথাউৰি ৷ মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ বাবে খিৰতী গাই হৈ পৰা জীয়াঢল নদীৰ মথাউৰিসমূহৰ ভিতৰত এইবেলি সোঁপাৰৰ মথাউৰিটো সুৰক্ষিত হ'লে বহু দিনলৈ হয়তো জীয়াঢলপৰীয়া ৰাইজে বানৰ পৰা সকাহ পাব ৷

লগতে পঢ়ক:Suspected heroin seized: লাহৰিজানত সন্দেহযুক্ত হেৰ’ইনসহ আটক মহিলা সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.