ETV Bharat / state

জীয়াঢলৰ বাঢ়নি পানীয়ে ব্যাহত কৰিছে যাতায়ত ব্যৱস্থা

author img

By

Published : Jun 8, 2021, 9:35 PM IST

ধেমাজি জিলাৰ জীয়াঢল (Jiyadhal)ৰ বাঢ়নি পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ জীয়াঢলৰ বাঢ়নি পানীয়ে ধেমাজিৰ জীয়াঢল (Jiyadhal) চাৰিআলি সমীপৰ ভজু গাঁৱৰ পৰা হেচুলি হৈ যোৱা এটা পথৰ এখন বাঁহৰ দলং উতুৱাই লৈ যোৱাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷

jidhal-floods-in-dhemaji
জীয়াঢলৰ বাঢ়নিপানীয়ে ব্যাহত কৰিছে যাতায়ত ব্যৱস্থা

ধেমাজি, 8 জুন : বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজি জিলাৰ জীয়াঢল (Jiyadhal)ৰ বাঢ়নি পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ জীয়াঢল (Jiyadhal)ৰ বাঢ়নি পানীয়ে ধেমাজিৰ জীয়াঢল (Jiyadhal) চাৰিআলিৰ সমীপৰ ভজু গাঁৱৰ পৰা হেচুলি হৈ যোৱা এটা পথৰ এখন বাঁহৰ দলং উতুৱাই লৈ যোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷

অভিযোগত অনুসৰি বিগত বছৰতে জীয়াঢলে পথটোৰ কালভাৰ্টসহ পকী পথ এছোৱা খহাই নিছিলি ৷ বিভাগীয় কৰ্তৃপক্ষক উক্ত স্থানত এখন দলং নিৰ্মাণ কৰিবলৈ দাবী জনোৱা হৈছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এখন বাঁহৰ দলং সাজি যাতায়তৰ সু-ব্যৱস্থা কৰি লৈছিল ৰাইজে ৷

কিন্তু বৰ্তমান জীয়াঢল (Jiyadhal)ৰ বাঢ়নি পানীয়ে দলংখন উতুৱাই নিয়াত উক্ত পথত যাতায়াত ব্যাহত হৈ পৰা লগতে অঞ্চলটোৰ ২৫খন গাবৰঁ ৰাইজে সদৰলৈ অহা-যোৱা কৰাত দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি সদৰি কৰিছে ৰাইজে ৷ ইফালে পথটোৰ ছিগা অংশ শীঘ্ৰেই চৰকাৰৰ সংশ্লিষ্ট বিভাগে মেৰামতি নকৰিলে সমগ্ৰ বাৰিষা দিনকেইটা পুনৰ জীয়াতু ভূগিব লাগিব বুলি শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক: চপৰা চপৰে খহিছে দিহিঙৰ মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.