ETV Bharat / state

এটুপি বিশুদ্ধ খোৱা পানী যেন অলিক কল্পনা এওঁলোকৰ বাবে ! - ওলমা দলং

সমস্যাৰে জৰ্জৰিত জোনাইৰ নাহৰ জেলম গাঁও ৷ সম্প্ৰতিও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে গাঁওখনৰ বাসিন্দা সকলে ৷ জল জীৱন অভিযানে(jal jeevan mission) ঢুকি পোৱা নাই এইসকল লোকক ৷

backward-resident-of-a-village-in-dhmaji-district
এটুপি খোৱা পানীৰ বাবে হাহাকাৰ এখন গাঁৱৰ ৰাইজৰ
author img

By

Published : Jul 26, 2021, 7:39 AM IST

জোনাই, 25 জুলাই : এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে এখন গাঁৱৰ বাসিন্দাই । বছৰ বছৰ ধৰি এখন নদীৰ ঘোলা, লেতেৰা পানীকে খাই জীৱন অতিবাহিত কৰিছে গাঁওখনৰ ৰাইজে । একেদৰে সেই একেখন নদীৰে পানী খাই জীৱ-জন্তুৱে । যেন কোনোবা আদিম যুগতহে বসবাস কৰিছে গাঁওখনৰ লোক সকলে ৷

ধেমাজি জিলাৰ জোনাই মহকুমা (jonai sub division) কেমি জেলম পঞ্চায়তৰ অন্তৰ্গত নাহৰ জেলম গাঁৱত (Nahar Jalam village) দীৰ্ঘ দিনৰ পৰা চলি আছে এই সমস্যা ৷ জোনাই সদৰৰ পৰা প্ৰায় ৪ কিলোমিটৰ নিলগতে থকা নাহৰ জেলম গাঁৱখনক সম্প্ৰতিও ঢুকি পোৱা নাই উন্নয়নৰ পোহৰে । কেৱল খোৱা পানীয়ে নহয়, যাতায়াত, চিকিৎসা আদিকে ধৰি এশ এবুৰি সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰিছে গাঁওবাসীয়ে ৷

লগতে পঢ়ক : জোনাইত ভোট বৰ্জনৰ হুংকাৰ ক্ষুব্ধ ৰাইজৰ

জানিবপৰা মতে, প্রায় ৩০-৪০ টা পৰিয়ালে বছৰ বছৰ ধৰি বসবাস কৰে থকা নাহৰ জেলম গাঁওখনত ৷ ৰাইজে বিশুদ্ধ খোৱাপানীৰ বিকল্প ব্যবস্থা নথকাত লেকং নদীৰ ঘোলা লেতেৰা পানীকে খাই দিন অতিবাহিত কৰিব লগীয়া হৈছে ৷ চৰকাৰৰ জল জীৱন অভিযানে(jal jeevan mission) কোনো প্ৰভাৱ পেলাব পৰা নাই এইসকল লোকৰ মাজত ৷

আনফালে, নাহৰ জেলম গাঁৱলৈ লেকু নদীৰ ওপৰৰ জৰাজীর্ণ এখন ওলমা দলঙেৰে প্ৰতিদিনে বিপদসংকুলভাৱে যাতায়ক কৰিব লগীয়া হয় গাঁওবাসীয়ে । বছৰটোৰ শেষত নাহৰ জেলম গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি বাঁহেৰে মেৰামতি কৰা ওলমা দলংখন ৷ কিন্তু ৪-৫ মাহৰ পিছতে পুনৰ এই দলংখন জৰাজীর্ণ হৈ পৰে । ফলত নিশাৰ কথাটো বাদেই, দিনতো ৰোগী, বৃদ্ধ কিম্বা কণ-কণ ল’ৰা-ছোৱালীয়ে যাতায়ত কৰাৰ ক্ষেত্ৰত যমৰ যাতনাৰ সন্মুখীন হ’ব লগীয়া হয় ।

লগতে পঢ়ক : জল জীৱন মিছনে ঢুকি নাপালে বঢ়মপুৰ সমষ্টিৰ বহু অঞ্চল

মনকৰিব লগীয়া যে, নির্বাচনৰ সময়তে অঞ্চলটোৰ খোৱাপানীৰ সমস্যা আৰু ওলমা দলঙ খনক মূল ইচ্যু হিচাপে লৈ ৰাইজৰ পৰা ভোট আদায় কৰে ৰাজনৈতিক দল সমূহে ৷ কিন্তু নিৰ্বাচনৰ পাচত বিধায়ক, সাংসদ তথা পঞ্চায়ত প্রতিনিধিসকলৰ এবাৰো ৰাইজৰ খবৰ ল’বলৈ আহৰি নোলাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে । যাৰ বাবে দিনৰ পাচত দিন এইদৰে সমস্যাৰে জৰ্জৰিত একোটি জীৱন অতিবাহিত কৰিব লগীয়া হৈছে এইসকল লোকে ৷

লগতে পঢ়ক : মহিলাৰ নেতৃত্বতেই ৰাজ্যত সক্ৰিয় হৈছে নাৰী দেহ ব্যৱসায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.