ETV Bharat / state

Indian Army Rally for veteran : চিলাপথাৰৰ লিকাবালিত প্ৰাক্তন সৈনিক সমাৰোহ

author img

By

Published : Mar 4, 2023, 8:49 PM IST

শনিবাৰে চিলাপথাৰৰ লিকাবালিত আয়োজন কৰা হয় প্ৰাক্তন সৈনিক সমাৰোহ (Indian Army veteran Rally celebration in Dhemaji) ৷ এই সমাৰোহতে শ্বহীদৰ পৰিয়ালক একো একোটা উপহাৰৰ টোপোলা আগবঢ়োৱা হয় ৷

Indian Army Rally for veteran
লিকাবালিত আয়োজন কৰা হয় প্ৰাক্তন সৈনিক সমাৰোহ

ধেমাজি, 4 মাৰ্চ : ভাৰতীয় সেনাৰ লিকাবালিত থকা 56 Infantry Division HQ ত আজি অৰ্থাৎ শনিবাৰে এক বৰ্ণিল কাৰ্যসূচীৰে প্ৰাক্তন সৈনিক সমাৰোহ উদযাপন কৰা হয় । পুৱা প্ৰায় 9 বজাৰ পৰা আৰম্ভ হয় Veteran Rally অনুষ্ঠান (Indian Army veteran Rally celebration in Dhemaji) ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিভিজনেল জিঅ’চি মেজৰ জেনেৰেল ভি কে পুৰোহিত (Divisional GOC Major General V K Purohit) ৷

উক্ত অনুষ্ঠানত অসম-অৰুণাচল প্ৰদেশৰ বাৰখন জিলাৰ পৰা অহা শতাধিক প্ৰাক্তন সৈনিকৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোক উপস্থিত থাকে ৷ অনুষ্ঠানত অসমীয়া বিহু, গোৰ্খা ৰেজিমেণ্ট, ভাংগৰা নৃত্য আৰু অৰুণাচলৰ প্ৰদেশৰ পৰম্পৰাগত লোকনৃত্য প্ৰদৰ্শন কৰা হয় ৷ এই অনুষ্ঠানতে বীৰ শ্বহীদ পৰিয়ালসমূহক ভাৰতীয় সেনাৰ তৰফৰ পৰা একোটাকৈ টোপোলা আগবঢ়োৱা হয় ৷

প্ৰাক্তন সৈনিক সমাৰোহৰ এই অনুষ্ঠানতে কৰ্ণেল নৰেন্দ্ৰই আগন্তুক 15 মাৰ্চৰ আগত অনলাইন যোগেদি সৈনিকৰ পদৰ বাবে আবেদন কৰিবলৈ সকলো সক্ষম যুৱকক আহ্বান জনায় । তেওঁ কয় যে সৈনিকত মকৰলৰ বাবে সকলোৱে প্ৰথমে অনলাইনৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব ৷

ইয়াৰ পাচত অনলাইন আবেদন কৰি Common exam ত অৱতীৰ্ণ হ’ব লাগিব । পৰৱৰ্তী সময়ত শাৰীৰিক পৰীক্ষা আৰু স্বাস্থ্য পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিচত নিয়োগৰ বাবে চূড়ান্ত তালিকা প্ৰস্তুত কৰিব । এই সমগ্ৰ প্ৰক্ৰিয়াটো www dot join army nic ত চাব পাৰিব বুলি সেনা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, 2004 চনত জম্মু-কাশ্মীৰত কৰ্মৰত অৱস্থাত ডিঙিত গুলী লাগি দেশৰ হকে প্ৰাণ আহুতি দিছিল বহু বীৰ শ্বহীদে ৷ তাৰ পাচতে 2005 চনৰ জম্মু-কাশ্মীৰত কৰ্মৰত অৱস্থাত উগ্ৰপন্থীৰ গুলীত শ্বহীদ হৈছিল তানিল বৰগোহাঁই ৷ বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক কাকুতি মিনতি কৰাৰ পাচতো দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদৰ পৰিয়ালে আজিকোপতি চৰকাৰৰ পৰা পোৱা নাই কোনোধৰণৰ কৰ্ম সংস্থাপন ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে বীৰ শ্বহীদৰ পৰিয়ালে ৷

লগতে পঢ়ক : Silsako eviction drive update: সাময়িকভাৱে বন্ধ হ’লেও শিলসাঁকো বিলত পুনৰ চলিব জোৰদাৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.