ধেমাজি, 15 আগষ্ট : সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো জিলা প্ৰশাসনৰ উদ্যোগত কাছাৰী ময়দানত অনুষ্টুপীয়াকৈ পালন কৰা হয় দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস । ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে অভিবাদন গ্ৰহণ কৰি আনুষ্ঠানিক ভাৱে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা । ইয়াৰ পিছতেই স্বাধীনতা দিৱস উপলক্ষে ভাষণ আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ৷
কিন্তু আচৰিত কথা এই যে, মন্ত্ৰীগৰাকীৰ ভাষণ দি থকাৰ সময়তে পাছফালে অৰ্থাৎ মূল ভি আই পি অতিথি আসনৰ সন্মুখত থিয় হৈয়ে অতি দৃষ্টিকটু ভাৱে জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়া ব্যস্ত হৈ পৰে ফটো উঠাত । একমাত্ৰ ইটিভি ভাৰতৰ কেমেৰাত বন্দী হ’ল এই সমগ্ৰ দৃশ্য । মন্ত্ৰীগৰাকীৰ ভাষণলৈ তিলমানো ভ্ৰক্ষেপ নকৰি বিষয়া কেইগৰাকীয়ে আলাপ কৰাতো ব্যস্ত হৈ পৰে ।
যি সময়ত সকলো দৰ্শক, অতিথি, আৰক্ষী বিষয়া, জিলা উপায়ুক্তগৰাকীয়ে মন্ত্ৰীৰ ভাষণত দৃষ্টি নিৱদ্ধ হৈ আছিল তেনে সময়ত এই প্ৰশাসনৰ কেইগৰাকীমান দায়িত্বহীন বিষয়াৰ দৃষ্টিকটু কৰ্মকাণ্ডই হতচকিত কৰি তুলিছে সমবেত সচেতন মহলক ।
মন্ত্ৰীৰ ভাষণ শুনিবলৈ ধৈৰ্য নথকা এইসকল বিষয়াই জনসাধাৰণৰ সমস্যা কথা শুনিবলৈ বা সমাধান কৰিবলৈ কেনেদৰে সক্ষম হ’ব সেয়া সহজে অনুমেয় হৈছে ।
লগতে চাওক-নগাঁৱত ওলোটাকৈ উৰিল জাতীয় পতাকা