ETV Bharat / state

ডেৰ লাখ টকাত তিনি খুলশালীক বিক্ৰীৰ চেষ্টা ভিনিহিয়েকৰ

author img

By

Published : Sep 11, 2022, 5:21 PM IST

Updated : Sep 11, 2022, 9:36 PM IST

ৰাজ্যত সক্ৰিয় হৈছে উঠিছে একাংশ নাৰী ব্যৱসায়ী চক্ৰ ৷ এইবাৰ ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছে এনে জঘন্য ঘটনা (Human trafficking case in Assam)৷ বায়েকৰ ঘৰলৈ নিয়াৰ চলেৰে নিজ ভিনিহিয়েকে তিনিগৰাকীক কিশোৰীক বিক্ৰী কৰিবলৈ নিয়াৰ ঘটনা পোহৰলৈ আহিছে (Human trafficking case at Silapathar)৷

Human trafficking case at Silapathar
আমাৰ বিক্ৰী কৰিবলৈ ভিনদেউৱে ডেৰ লাখ টকা লৈছিল:

জোনাই, 11 ছেপ্টেম্বৰ: "বায়ে ফোন কৰি মাতিছিল আমাক ৷ কিন্তু আমাক বেচিবলৈ ভিনদেউৱে ডেৰ লাখ টকা লৈছিল ৷ বাৰ ওচৰত আমাক থৈ আহিম বুলি কৈছিল ৷ আমাৰ বাক দিল্লীত বিয়া দিয়া হৈছে ৷ তালৈকে নিম বুলি কৈছিল ৷" ৰাজ্যত সক্ৰিয় হৈছে উঠিছে একাংশ নাৰী ব্যৱসায়ী চক্ৰ ৷ বিভিন্ন সময়ত বহিঃৰাজ্যত কাম দিয়াৰ প্ৰলোভনেৰে, অপহৰণ অথবা বিবাহৰ প্ৰলোভনেৰে নাৰী বিক্ৰীৰ ঘটনাই সংবাদমাধ্যমত শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছে এনে জঘন্য ঘটনা (Human trafficking case in Assam)৷

বায়েকৰ ঘৰলৈ নিয়াৰ চলেৰে নিজ ভিনিহিয়েকে তিনিগৰাকীক কিশোৰীক বিক্ৰী কৰিবলৈ নিয়াৰ ঘটনা পোহৰলৈ আহিছে (Human trafficking case at Silapathar)৷ তিনিগৰাকী কিশোৰীৰ বিপৰীতে ধাৰ্য কৰিলে ডেৰলাখকৈ টকা ৷ শনিবাৰে সন্ধিয়া দুগৰাকী মহিলাকে ধৰি দুই কিশোৰী সৰবৰাহকাৰীক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে (3 Minor rescued at Silapthar)৷

চিলাপথাৰৰ সমীপৰ কুলামুৱা বঙালী গাঁও বৰুৱা চুকৰ ক্ৰমে ১৪ আৰু ১৫ বছৰীয়া দুগৰাকী কিশোৰীক প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নি বিক্ৰী কৰিব খুজিছিল শ্ৰীপন্ত পাল আৰু চিণ্টু নামৰ উত্তৰ প্ৰদেশৰ মুজাফৰনগৰৰ দুই দালাল আৰু তেওঁলোকৰ দুই পত্নীয়ে ৷ সৰবৰাহকাৰীৰ দলটোৱে ডেৰ লাখ টকাত কিশোৰীকেইগৰাকীক বিক্ৰী কৰাৰ চুক্তি কৰিছিল ৷

কিন্তু সৌভাগ্যক্ৰমে এই কথা কিশোৰীকেইগৰাকীৰ ভগ্নীয়ে গম পাই ঘৰত অৱগত কৰাত ওলাই পৰে প্ৰকৃত কথা ৷ কথাটো গম পাই অঞ্চলটোত হুৱা-দুৱা লাগে আৰু স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত পত্নীসহ দুয়োজনকে কৰায়ত্ব কৰি চিলাপথাৰ আৰক্ষীক খবৰ দিয়ে ৷ নিশাই চিলাপথাৰ আৰক্ষীয়ে চাৰিও অভিযুক্তকে আটক কৰি থানালৈ লৈ আনে ।

উল্লেখ্য যে, এই ঘটনাৰ পিছতে আজিৰেপৰা প্ৰায় পাঁচ বছৰৰ পূৰ্বে একেখন গাঁৱৰে এগৰাকী যুৱতীক বিবাহপাশত আৱদ্ধ কৰাই দিল্লীলৈ নিয়াৰ চলেৰে উত্তৰ প্ৰদেশত বিক্ৰী কৰি দিয়াৰ কথা পোহৰলৈ আহে ৷ কিন্তু এই বিষয়ে এতিয়াও অৱগত নহয় যুৱতীগৰাকীৰ ঘৰৰ পৰিয়ালৰ লোক ৷

ঠিক সেইদৰেই এইবাৰো যুৱতীগৰাকীৰ ঘৰলৈ তেওঁৰ শিশুটোক চোৱা-চিতা কৰাৰ উদ্দেশ্যেৰে ভগ্নীসহ ওচৰ চুবুৰীয়াৰ এগৰাকী কিশোৰীক নিয়াৰ কথা পোহৰলৈ অহাৰ পিছতে যুৱতীগৰাকীয়ে ঘৰৰ লোকক সকলো কথা অৱগত কৰে ৷ পূৰ্বৰ দৰেই এইবাৰো তেওঁৰ ভগ্নীকো এনেদৰে লৈ গৈ বিক্ৰী কৰিব ওলোৱা ঘটনাই ভুক্তভোগীৰ মাতৃক আচৰিত কৰি তুলিছে ৷ সম্প্ৰতি এই সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালৰ লোকে চিলাপাথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক: ব্লেকমেইলিঙৰ বাবেই প্ৰাক্তন বায়ুসেনা বিষয়াৰ আত্মহননৰ সন্দেহ

Last Updated : Sep 11, 2022, 9:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.