ETV Bharat / state

অসম-অৰুণাচল সীমান্তৰ মালিনী থানত হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Apr 7, 2021, 10:59 PM IST

ধৰ্মীয় স্থানসমূহত দৰ্শনাৰ্থীৰ ৰূপত দেখা গৈছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৷

himanta-in-malinithan
অসম অৰুণাচল সীমান্তৰ মালিনী থানত হিমন্ত বিশ্ব শৰ্মা

ধেমাজি,7 এপ্ৰিল: বিধানসভা নিৰ্বাচন 2021 ৰ আটাইকেইটা পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰিল ৷ অন্ত পৰিল মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ জনসভা, চাইকেল যাত্ৰা কিম্বা ৰোড-শ্ব সমূহৰো, নিৰ্বাচনী যুঁজত বিজেপিৰ সেনাপতিৰ ভূমিকা পালন কৰা হিমন্ত বিশ্ব শৰ্মাক এতিয়া দেখা গৈছে ধৰ্মীয় স্থানসমূহত দৰ্শনাৰ্থীৰ ৰূপত ৷ লক্ষণীয় যে, দুদিন আগতে বটদ্ৰৱাত, এদিনৰ আগত মহা মৃত্যুঞ্জয় মন্দিৰৰ দৰ্শনাৰ্থী হোৱা বিজেপি নেতা গৰাকীক বুধবাৰৰ দিনটোত দেখা গ’ল অসম-অৰুণাচল সীমান্তৱৰ্তী মালিনীথানত ৷

নিৰ্বাচন সামৰি বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াসহ মালিনী থানত সেৱা লৈ মন্ত্ৰী হিমন্তই পৰ্যবেক্ষণ কৰিলে, অসম-অৰুণাচল দুয়োখন ৰাজ্যৰ যৌথ উদ্যোগত পুনৰ নিৰ্মাণ কৰা থানখনৰ পুৰাতাত্বিক সংগ্ৰহালয়ৰ ৷ অৱশ্যে, মালিনীথান পৰিদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে মন্ত্ৰীগৰাকী ৷ আনহাতে, বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনৰ ফলাফল ভাল হ’ব বুলি আশাবাদী দিলীপ শইকীয়াই সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে, কংগ্ৰেছ মহাজোঁটে ত্ৰিশখনতকৈ অধিক আসন লাভ নকৰে ৷

লগতে পঢ়ক: গংগোত্ৰী ধামত তুষাৰপাতৰ নান্দনিক দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.