ETV Bharat / state

কৰ'ণা বিৰোধী যুঁজ : ধেমাজি জিলাৰ পৰিস্থিত পৰ্যবেক্ষণ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ !

ধেমাজিত জিলাৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে বৃহস্পতিবাৰে নিশা উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বহিঃৰাজ্যৰ পৰা ধেমাজি জিলালৈ অহা ১৮০০ ব্যক্তি কোৱাৰাইণ্টাইন কৰা হৈছে বুলি জনালে মন্ত্ৰীগৰাকীয়ে ৷

corona virus
corona virus
author img

By

Published : Jun 5, 2020, 3:08 AM IST

ধেমাজি ,৪ জুন : ৰাজ্যৰ প্ৰতিখন জিলাৰ শেহতীয়া পৰিস্থিতি ,পৰিৱেশ , চিকিৎসা , কোৱাৰাণ্টাইন কেন্দ্ৰৰ সম্পৰ্কে জিলা প্ৰশাসনৰ পৰা বুজ লোৱাৰ উদ্দেশ্য জিলাসমূহ ভ্ৰমণ কৰিছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ বৃহস্পতিবাৰে নিশা ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰীগৰাকী ৷ ইয়াৰ পিচতে সাংবাদিকৰ সৈতে হোৱা সংবাদমেলত তেওঁ কয় যে, ইতিমধ্যে বহিঃৰাজ্যৰ পৰা ধেমাজি জিলালৈ অহা ১৮০০ ব্যক্তি কোৱাৰাইণ্টাইন কৰা হৈছে ৷ ইয়াৰ ভিতৰত মুঠ ২৫ গৰাকী কৰ'ণাত আক্ৰান্ত হোৱা বুলি চিনাক্ত হৈছে ৷ আনহাতে, তিনি গৰাকী ৰোগী কৰ’ণাৰ পৰা মুক্ত হোৱা বাবে ঘৰলৈ যাবলৈ দিয়া হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীজনে ৷

corona virus
ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডঃ শৰ্মাই লগতে কয় যে, অসমলৈ নহা বহিঃৰাজ্যত থকা ১৮ হাজাৰ লোকক অসম কেয়াৰ আঁচনিৰ অধীনত দুহেজাৰ টকাকৈ দিয়া হৈছে ৷ বাহিৰত থকা যিসকল থাকি গৈছে তেওঁলোককো আৰু দুহেজাৰ প্ৰদান কৰা হ'ব ৷ যিসকলে এই পুঁজি পোৱা নাই সেইসকলক জোনাই আৰু ধেমাজিৰ বিধায়কদ্বয় , সাংসদ , আৰু জিলা উপাযুক্তৰ সৈতে যোগাযোগ কৰিলে সহায়ৰ হাত আগবঢ়াব বুলি মন্তব্য কৰে ৷ ধেমাজি জিলাত পুঁজিৰ পৰা বঞ্চিত ১৬০০ মানুহৰ তালিকা লাভ কৰিছে বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

ধেমাজি জিলাৰ পৰিস্থিত পৰ্যবেক্ষণ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ !
ইপিনে এতিয়াও ধেমাজি জিলাত সামাজিক সংক্ৰমণ নোহোৱা আৰু ৰাইজে গ্ৰহণ কৰা সক্ৰিয় ভূমিকাৰ বাবে জিলাবাসীক ধন্যবাদ জনায় হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক - মুখ্যমন্ত্ৰী লৈ বোন্দাপৰ : ক্ষোভিত সাংবাদিকে দিলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.