ETV Bharat / state

ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ ধেমাজিত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত

ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে সোমবাৰে নিশা দহ বজাত ধেমাজিত উপস্থিত হ'লগৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ ক'ভিড পৰিস্থিতিৰ বুজ লৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

author img

By

Published : Jun 1, 2021, 5:37 PM IST

keshab mahanta
ধেমাজিৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

ধেমাজি, ১ জুন : ক'ভিড পৰিস্থিতিৰ মাজতে স্বাস্থ্যমন্ত্ৰী হিচাপে নতুনকৈ দায়িত্ব লোৱাৰ পাচত যথেষ্ট সষ্টম ৰূপত দেখিবলৈ পোৱা গৈছে মন্ত্ৰী কেশৱ মহন্তক । দিন ৰাতি সমান কৰি অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ ক'ভিড পৰিস্থিতিৰ বুজ লৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । ইয়াৰ মাজতে সোমবাৰে নিশা দহ বজাত মন্ত্ৰীগৰাকী উপস্থিত হয় ধেমাজি জিলাত ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে ধেমাজিৰ তেলিজানস্থিত আন্তঃজিলা বাছ আস্থানৰ ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰে । তাৰ পাচত পোনে পোনে অসামৰিক চিকিৎসালয়লৈ গৈ পৰৱৰ্তী সময়ত জিলাখনৰ উপায়ুক্ত কাৰ্যালয়ত শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত হয় মন্ত্ৰীগৰাকী ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কৰা মন্তব্য অনুসৰি ধেমাজিত সম্প্ৰতি কোনো অসুবিধা হোৱা নাই আৰু ক'ভিডৰ সকলো ব্যৱস্থাই জিলাখনত অতি সুন্দৰকৈ চলি আছে ৷ ইফালে ক'ভিড প্ৰতিষেধক যোগান সন্দৰ্ভত মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জুনৰ প্ৰথম সপ্তাহৰ পৰা ৰাজ্যত ভেকছিন পৰ্যাপ্তভাৱে উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:চৰাইদেউ কাণ্ডৰ দুই অভিযুক্তক আটক আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.