ETV Bharat / state

ধেমাজিৰ কেইবাখনো বিদ্যালয়ে বৰ্জন কৰিলে গুণোৎসৱ - GUNUTSAV 2024

Gunutsav 2024: ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু গণিতৰ ইংৰাজী ভাষাৰ প্ৰশ্ন কাকত যোগান ধৰাৰ প্ৰতিবাদত বড়ো মাধ্যমৰ বিদ্যালয়ত গুণোৎসৱ বৰ্জন ধেমাজি জিলাৰ চাৰিখন বিদ্যালয়ত, দ্বিতীয়- তৃতীয় পৰ্যায়ৰ গুণোৎসৱত সাতখন বিদ্যালয়ে বৰ্জন কৰিব গুণোৎসৱ ৷

GUNUTSAV BOYCOTT in jONAI
ধেমাজিৰ কেইবাখনো বিদ্যালয়ে বৰ্জন কৰিছে গুণোৎসৱ
author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 7:05 PM IST

ধেমাজিৰ কেইবাখনো বিদ্যালয়ে বৰ্জন কৰিছে গুণোৎসৱ

জোনাই, 10 জানুৱাৰী: শিক্ষাৰ গুণগত মান নিৰ্ণয়ৰ বাবে 3 জানুৱাৰীৰ পৰা কেবাটাও পৰ্যায়ত আৰম্ভ হোৱা গুণোৎসৱত বড়ো মাধ্যমৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু গণিতৰ বিষয়ৰ প্ৰশ্ন কাকত ইংৰাজী ভাষাত প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীক যোগান ধৰা কাৰ্যৰ বিৰোধিতা জনায় আহিছে বিভিন্ন বড়ো সংগঠনে ৷

বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতি, জোনাই জিলা সমিতি আৰু এবছুৰ ধেমাজি জিলা সমিতিয়ে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি আহিছে যদিও চৰকাৰৰ শিক্ষা বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰি বুধবাৰৰে পৰা ধেমাজি জিলাত আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু গণিতৰ প্ৰশ্ন কাকত ইংৰাজী ভাষাত প্ৰকাশ কৰি যোগান ধৰাৰ প্ৰতিবাদত গুণোৎসৱ বৰ্জন কৰা হয় ধেমাজি জিলাৰ চাৰিখন বড়ো মাধ্যমৰ বিদ্যালয়ত ।

ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত জয়ভদ্ৰ হাগজেৰ বড়ো এম ই স্কুল, দৈমালু বড়ো এম ই স্কুল, মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত সতীশ বসুমতাৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়, বগৰীগুৰী বড়ো এম ভি স্কুলত আজিৰে পৰা প্ৰথম পৰ্যায়ত অনুষ্ঠিত হৈছে গুণোৎসৱৰ । আজিৰে পৰা ধেমাজি জিলাৰ চাৰিখন বড়ো মাধ্যমৰ বিদ্যালয়ত আৰম্ভ হোৱা গুণোৎসৱৰ কাৰ্যসূচী বৰ্জন কৰে আটাইকেইখন বিদ্যালয়ে ।

নিখিল বড়ো ছাত্র সন্থা, বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতি, জোনাই জিলা সমিতিৰ বিষয়-ববীয়াই কয় অসম চৰকাৰৰ শিক্ষা বিভাগে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । এবছু আৰু বড়ো সাহিত্য সভাৰ জিলা সমিতিৰ নেতৃত্বই পুনৰ কয় চৰকাৰে মাতৃভাষা শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে মাতৃ ভাষা মাধ্যমৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰি পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়াৰ বিপৰীতে ইংৰাজী ভাষাৰ প্ৰতিহে অহেতুক দৰদ দেখুওৱা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰে ৷

11 জানুৱাৰীত মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত ইউ এন বি মেম'ৰিয়েল বড়ো হাইস্কুল আৰু বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত মিংমাং নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা গুণোৎসৱৰ লগতে 13 জানুৱাৰীত বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মধ্য মিংমাং কদমগুৰী জনজাতি হাইস্কুল, মহৰীকেম্প উচ্চতৰ মাধ্যমিক বিদ্যালয়, নাহৰবাৰী নবোদয় মধ্য ইংৰাজী বিদ্যালয় আৰু ধূনাগুৰী তৰাজান মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰা গুণোৎসৱৰ কাৰ্যসূচী বৰ্জন কৰিব বুলি কয় ।

আনহাতে বড়ো মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু গণিতৰ বিষয়ৰ প্ৰশ্ন কাকত ইংৰাজীত ছপা কৰি গুণোৎসৱত ছাত্ৰ-ছাত্ৰীৰ হাতত দিয়া কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে এবছুৰ চিমেন আঞ্চলিক আৰু চিলাপথাৰ আঞ্চলিক সমিতিয়ে ।

বড়ো মাধ্যমৰ বিদ্যালয়ক লৈ হেতালি খেলা বন্ধ কৰিবলৈ দাবী জনাই নতুন শিক্ষাবৰ্ষৰ পৰা বড়ো ভাষাত পাঠ্যপুথি প্ৰকাশ কৰি পৰ্যাপ্ত পাঠ্যপুথি যোগান ধৰি বিদ্যায়তনিক ক্ষেত্ৰত বড়ো ভাষা শিক্ষাক গুৰুত্ব আৰোপ কৰিবলৈ দাবী জনাইছে এবছুৰ চিমেন আৰু চিলাপথাৰ আঞ্চলিক সমিতিয়ে ।

লগতে পঢ়ক: গুণোৎসৱ এইবেলি ৩ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.