ETV Bharat / state

জোনাইত অনুসূচিত শ্ৰেণীলৈ বিভিন্ন সামগ্ৰী বিতৰণ জোনাই প্ৰশাসনৰ - অনুসূচিত জাতি

শুকুৰবাৰে 2019-2020 বিত্তীয় বৰ্ষৰ অনুসূচিত জাতি-জনজাতি, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীসকলৰ মাজত টিনপাত, চ’লাৰ মেচিন, পানী ফিল্টাৰ, কৃষি সামগ্ৰিক আৰু ফেশ্বন ডিজাইনাৰ মেচিন আনুষ্ঠানিকভাৱে বিতৰণ কৰে জোনাই মহকুমাৰ প্ৰকল্প সঞ্চালক, জনজাতি উন্নয়ন প্ৰকল্প আৰু মহকুমা কল্যাণ বিভাগে ৷

goods distribution between scheduled class
জোনাইত অনুসূচিত শ্ৰেণীলৈ বিভিন্ন সামগ্ৰী বিতৰণ
author img

By

Published : Dec 5, 2020, 7:30 AM IST

জোনাই,5 ডিচেম্বৰ : জোনাই মহকুমাৰ প্ৰকল্প সঞ্চালক, জনজাতি উন্নয়ন প্ৰকল্প আৰু মহকুমা কল্যাণ বিভাগে শুকুৰবাৰে নিজ কাৰ্যালয় প্ৰাংগণত 2019-2020 বিত্তীয় বৰ্ষৰ অনুসূচিত জাতি-জনজাতি, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীসকলৰ মাজত টিনপাত, চ’লাৰ মেচিন, পানী ফিল্টাৰ, কৃষি সামগ্ৰিক আৰু ফেশ্বন ডিজাইনাৰ মেচিন আনুষ্ঠানিকভাৱে বিতৰণ কৰে ৷

এই বিতৰণ কাৰ্যসূচী আদৰণি ভাষণ আগবঢ়ায় জনজাতি উন্নয়ন প্ৰকল্পৰ সঞ্চালক প্ৰীতম কুমাৰ দাসে ৷ সন্মিলিত গণশক্তি অসমৰ জোনাই ব্লক সমিতিৰ সম্পাদক অচ্যুত দলে সঞ্চালন কৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগু ৷ অনুষ্ঠানত উপস্থিত থাকি যিসকল হিতাধিকাৰীয়ে চৰকাৰী সামগ্ৰী লাভ কৰিছে তেওঁলোকক সামগ্ৰীসমূহ সঠিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় সাংসদ প্ৰদান বৰুৱাই ৷

goods distribution between scheduled class
জোনাইত অনুসূচিত শ্ৰেণীলৈ বিভিন্ন সামগ্ৰী বিতৰণ

জোনাই মহকুমাৰ অনুসূচিত জাতি-জনজাতিৰ 352 গৰাকীক টিনপাত, 368 গৰাকীক খোৱাপানী ফিল্টাৰ, 118 গৰাকীক ফেশ্বন ডিজাইনিঙৰ মেচিন আৰু 29 গৰাকীক চ’লাৰ লাইট বিতৰণ কৰা হয় ৷ লগতে অনুসুচিত জাতিৰ 39 গৰাকীক টিনপাত, 240 গৰাকীক খোৱাপানী ফিল্টাৰ, 85 গৰাকীক কৃষি সামগ্ৰী, পাম্প চেট 20 গৰাকীক আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ মাজতো 29 গৰাকীক ফেশ্বন ডিজাইনিঙৰ মেচিন, 116 গৰাকীক কৃষি সামগ্ৰী, 219 গৰাকীক খোৱাপানী ফিল্টাৰ আৰু 23 গৰাকী হিতাধিকাৰীৰ মাজত চ’লাৰ লাইট বিতৰণ কৰা হয় ৷

অনাগত দিনত অসম চৰকাৰৰ পৰা জোনাই মহকুমা প্ৰকল্প সঞ্চালক আৰু জনজাতি উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়লৈ অহা যিকোনো বস্তু সময়ে সময়ে বিতৰণ কৰা হব বুলি জনজাতি উন্নয়ন প্ৰকল্পৰ সঞ্চালক প্ৰীতম কুমাৰ দাসে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : দিল্লীলৈ সোণোৱালৰ চিঠি: ডিব্ৰুগড় দূৰদৰ্শন আৰু অনাতাৰ কেন্দ্ৰক বৰ্তমানৰ ৰূপতে বাহাল ৰাখক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.