ETV Bharat / state

Brahma Dharma Samiti Summit: চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তীৰ সামৰণি - Closing ceremony of Sodou Brahma Dharma

স্মৰণিকা উন্মোচন, ধৰ্মালোচনা সভা,সম্বৰ্ধনা অনুষ্ঠানৰে চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি পৰিল (Closing ceremony of Brahma Dharma Samiti session)। সংস্কাৰমুখী সমাজ গঢ় দিবলৈ আধুনিক ধ্যান ধাৰণা আৰু বিজ্ঞান মনস্ক দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈ সকলোকে আহ্বান ।

Golden Jubilee of Sodou Brahma Dharma Samiti
সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ চিমেন আঞ্চলিক সমিতিৰ সোণালী জয়ন্তী
author img

By

Published : Feb 6, 2023, 11:14 AM IST

জোনাই, ৬ ফেব্ৰুৱাৰী: সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ চিমেন আঞ্চলিক সমিতিৰ সোণালী জয়ন্তী বৰ্ষৰ লগতে সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ চিমেন আঞ্চলিক যুৱ সমিতিৰ ১৭ সংখ্যক আৰু মহিলা সমিতিৰ ষষ্ঠ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দেওবাৰে সামৰণি পৰে (Golden Jubilee of Sodou Brahma Dharma Samiti)। চিমেন আঞ্চলিক ব্ৰহ্ম মন্দিৰত আয়োজন কৰা অধিৱেশনৰ কালি পুৱা ৫ বজাত চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সংসদৰ সচিব পঞ্চৰাম নাৰ্জাৰীৰ পৰিচালনাত অনুষ্ঠিত অখণ্ড যজ্ঞৰ প্ৰজ্বলন কৰে অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ প্ৰধান প্ৰচাৰক লীলাকান্ত ব্ৰহ্মই (Session of Simen Youth Committee of Sodou Brahma Dharma Samiti)। পুৱা ৭ বজাত ধৰ্ম ধ্বজ্জা উত্তোলন কৰে চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম সমিতিৰ সভাপতি ৰাখেব নাৰ্জাৰীয়ে ।

ইয়াৰ পিচতেই পুৱা ৭-৩০ বজাত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰে অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ প্ৰাক্তন সভাপতি মলেন্দ্ৰ ওৱাৰীয়ে । পুৱা ৮ বজাত দীক্ষা প্ৰদান কৰে লীলাকান্ত ব্ৰহ্মই । ইয়াৰ পিছতেই চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম সমিতিৰ প্ৰচাৰ সংসদৰ মুখ্য প্ৰচাৰক ধনেশ্বৰ নাৰ্জাৰীৰ সভাপতিত্বত শাস্ত্ৰ বিচাৰ বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হয় । এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে "যজ্ঞাহুতিৰ ফল" বিষয়ত চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সংসদৰ সহকাৰী মুখ্য প্ৰচাৰক সুনীল বসুমতাৰী,"বেদ কাক বোলে?"বিষয়ত অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম যুৱ প্ৰচাৰ সংসদৰ প্ৰধান প্ৰচাৰক দ্বীপেন নাৰ্জাৰীয়ৈ ভাষণ আগবঢ়ায় । দিনৰ ১১ বজাত চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্মৰ প্ৰাক্তন বিষয়ববীয়াসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

এই উপলক্ষে দিনৰ ১১-৩০ বজাত স্মৃতিগ্ৰন্থ 'সনাথি সৌৰাং' উন্মোচন কৰে মহেন্দ্ৰ দৈমাৰীয়ে । দুপৰীয়া ১২ বজাত চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম সমিতিৰ সভাপতি ৰাখেব নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্ধোধন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰীয়ে । মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ সভাপতি অমৰেন্দ্ৰ ব্ৰহ্মই কয় যে প্ৰাচীন কালত বড়োসকল বিভিন্ন ধৰ্মীয় পন্থাত বিশ্বাস ৰাখি জীৱন-যাপন কৰিছিল । যেতিয়াৰ পৰা বড়োসকলে ব্ৰহ্ম ধৰ্মৰ নীতি আদৰ্শত চলিবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰাই বড়ো সমাজ বহু পৰিমানে সংস্কাৰমুখী হ'বলৈ ধৰে বুলি উল্লেখ কৰি এখন সংস্কাৰমুখী আৰু সমৃদ্ধিশালী সমাজ গঢ় দিবলৈ আধুনিক ধ্যান ধাৰণা আৰু বিজ্ঞান মনস্ক দৃষ্টিভংগীৰে আগবাঢ়ি যাব লাগিব বুলি কয় ।

মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সদৌ ব্ৰহ্ম ধৰ্ম যুৱ সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত ব্ৰহ্মই কয় যে সাম্প্ৰতিক সময় হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ । বিশ্বায়নৰ যুগত নিজকে উচ্চ শিখৰত আৰোহণ কৰিবলৈ হ'লে নিজৰ দক্ষতা, যোগ্যতা আৰু পাৰদৰ্শিতা অৰ্জন কৰি প্ৰতিযোগিতামূলক সমাজখনৰ সৈতে মোকাবিলা কৰাৰ সকলো সক্ষমতা থাকিব লাগিব বুলি মন্তব্য় কৰি যুৱ সমাজক গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ জৰিয়তে নিজৰ লগতে সমাজখনক আগুৱাই নিবলৈ আহ্বান জনায় । এই সভাতেই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ ব্ৰহ্ম ধৰ্ম মহিলা সমিতিৰ সম্পাদিকা সবাইশ্ৰী গয়াৰীয়ে কয় যে এখন প্ৰগতিশীল সমাজ নিৰ্মাণ কৰিবলৈ মহিলাসকলৰ ভূমিকা অপৰিসীম । মহিলাসকলে সন্তানৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক আদৰ্শৰ বাট দেখুৱাব লাগিব বুলি তেওঁ বক্তব্য আগবঢায় ।

এই অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিলিপ কুমাৰ গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক জয়নাৰায়ণ উপাধ্যায়ে ভাষণ আগবঢ়ায় । মুকলি সভাত সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ উপ সভাপতি বীৰেণ বসুমতাৰী, সদৌ ব্ৰহ্ম ধৰ্ম মহিলা সমিতিৰ সম্পাদিকা সবাইশ্ৰী গয়াৰী, অৱসৰপ্ৰাপ্ত শিক্ষক ললিত চন্দ্ৰ বড়ো,সন্মানীয় অতিথি হিচাপে অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ প্ৰাক্তন সভাপতি নৱকুমাৰ ব্ৰহ্ম, চিমেন চাপৰি মহাবিদ্যালয় অধ্যাপক ধনেশ্বৰ নাৰ্জাৰী, এবছুৰ অবিভক্ত লখিমপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি শুক্ৰাচাৰ্য মুছাহাৰী, প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰবীণ নাৰ্জাৰী, ধেমাজি জিলা পৰিষদৰ সদস্যা শোভাৰাণী বসুমতাৰী, চমকং গাঁও পঞ্চায়তৰ সভাপতি সুকুৰাম ব্ৰহ্ম,অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ উপ সভাপতি বিলাম্বৰ খেৰকটাৰী, কেইবাগৰাকী ধৰ্মীয় নেতা উপস্থিত থাকে । মুকলি সভাত ব্ৰহ্ম আচাৰ্য লীলাকান্ত ব্ৰহ্মক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক:Earthquake jolts Turkey: পুৱাতেই শক্তিশালী ভূমিকম্পই জোঁকাৰি গ’ল তুৰস্কক; পাঁচজন নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.