জোনাই, ২ জুন: পখিলা খেদি ফুৰাৰ বয়সতে এক জটিল ৰোগত আক্ৰান্ত হৈ বিচনাতে চটফটাই আছে জাৰয়ুম নামৰ এগৰাকী ১০ বছৰীয়া কিশোৰী । তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ অন্তৰ্গত অমপুৰ পঞ্চায়তৰ নেপুন গাঁৱৰ নিবাসী বাবুল দলে আৰু ৰিলিস্মা দলেৰ কন্যা জাৰয়ুম দলে জন্মৰে পৰা ভুগি আছে এক জটিল ৰোগত (Girl from jonai suffering from a complex disease) ৷
দিন হাজিৰা কৰি কোনোমতে পৰিয়ালক পোহপাল দিয়া দৰিদ্ৰ পিতৃ-মাতৃয়ে জাৰয়ুমৰ চিকিৎসাৰ বাবে ইতিমধ্যে ঘৰৰ মাটি-বাৰী বিক্ৰি কৰি জাৰয়ুমক শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড় আদিৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিছে যদিও এইপৰ্যন্ত পোৱা নাই কোনোধৰণৰ সুফল ।
ইফালে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে জাৰয়ুমক গুৱাহাটী বা অন্য ঠাইলৈ নিবলৈ কোৱাত এতিয়া বিপাঙত পৰিছে দৰিদ্ৰ পিতৃ মাতৃয়ে । কাৰণ জাৰয়ুমৰ চিকিৎসাৰ নামত ইতিমধ্যে দৰিদ্ৰ পিতৃ-মাতৃয়ে বেচি শেষ কৰিলে নিজৰ বুলিবলৈ থকা মাটি-বাৰী কিনিও৷ যাৰ বাবে প্ৰয়োজন লক্ষাধিক টকাৰ । কোনোমতে দুবেলা দুসাঁজ খাই জীৱন নিৰ্বাহ কৰা পিতৃ মাতৃৰ মূৰত যেন সৰগ ভাঙি পৰিছে ।
ইফালে বিগত দুই-তিনিমাহৰ পৰা অধিক অসুস্থ হৈ পৰিছে জাৰয়ুম । কিন্তু অসহায় পিতৃ-মাতৃয়ে যন্ত্ৰণাত চটফটাই থকা কন্যাক কেতিয়াবা কোলাত, কেতিয়াবা বিচনাত শোৱাই সন্তানৰ এনে অৱস্থা সহিব নোৱাৰি নিৰৱে চকুলো টুকি ওৰেই নিশা উজাগৰে কেনেকৈ দিন কটাইছে হয়তো ইয়াক ভাষাৰে বুজাব নোৱাৰি, মাথো কৰিব পাৰি অনুভৱহে ৷
সেয়েহে অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী তথা হৃদয়ৱান লোকলৈ জাৰয়ুমৰ লগতে পিতৃ মাতৃৰ কাতৰ অনুৰোধ, তাইৰ সপোনবোৰ বাস্তৱ কৰিবলৈ আপোনালোকে যেন আগবাঢ়ি আহে । কোনোৱে যদি জাৰয়ুমক এধানি সহায় কৰিব বিচাৰে তেন্তে মাতৃ ৰিলিস্মা দলেৰ এছ.বি.আই একাউন্ট নম্বৰ 40594671892, IFSC - SBIN0011624 আৰু CSF 90860791648 নম্বৰত আৰ্থিক সাহাৰ্য আগবঢ়াব পাৰে ।
লগতে পঢ়ক : চৰকাৰী বিদ্যালয়ৰ হতাশজনক ফল: 57 গৰাকীৰ ভিতৰত উত্তীৰ্ণ 8 গৰাকী