ETV Bharat / state

জোনাইত আৱৰ্জনাৰে ভৰি পৰিছে চৰকাৰী কাৰ্যালয় চৌহদ

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 3:37 PM IST

জোনাইত প্লাষ্টিকেৰে ভৰি পৰিছে বিভিন্ন ঠাই । ইয়াৰ পিচতো গুৰুত্ব নাই প্ৰশাসনৰ । জোনাইত এখন ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ দাবী AJYCP ৰ ।

Jonai full with garbage
জোনাইত প্লাষ্টিকেৰে ভৰি পৰিছে বিভিন্ন ঠাই

জোনাই, ১৬ ডিচেম্বৰ: ধেমাজি জিলাৰ জোনাইৰ চৰকাৰী কাৰ্যালয়ৰ লগতে সদৰৰ বিভিন্ন ঠাই ভৰি পৰিছে আৱৰ্জনাৰে । একাংশ ব্যৱসায়ী তথা কিছু অসাধু লোকে অপৰিকল্পিতভাৱে জধে-মধে প্লাষ্টিক জাতীয় সামগ্ৰী পেলোৱাত এক কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে ।

জোনাইৰ এটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়ৰ চৌহদৰ দৃশ্যই ৰাইজৰ চকু কপালত তুলিছে । জোনাইৰ মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ ভিতৰৰ দৃশ্য দেখিলে বাটৰুৱাই নাক কোচাবলৈ বাধ্য় হয় । কাৰ্যালয়টোৰ ভিতৰৰ অংশৰ এই আৱৰ্জনাৰ ছবি দেখিলে আপুনিও ভাৱিবলৈ বাধ্য় হ'ব এয়া ডাম্পিং গ্ৰাউণ্ডহে ।

জোনাই মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ গাতে লাগি আছে এখন শিশু উদ্যানখন । মৃতপ্ৰায় অৱস্থাত থকা উদ্যানখন এতিয়া ভৰি পৰিছে প্লাষ্টিক জাতীয় সামগ্ৰীৰ লগতে বিভিন্ন সুৰাৰ পেকেটেৰে । কিন্তু ঠাইডোখৰ এপাক ঘূৰি চাবলৈ সময় নাই জোনাই মহকুমা প্ৰশাসনৰ ।

ইপিনে, জোনাই দৈনিক বজাৰৰ দৃশ্যও পুতৌজনক । বিভিন্ন মাছৰ বাকলি তথা মাংসৰ হাড়ৰ লগতে লেতেৰা প্লাষ্টিকবোৰ পেলোৱাত এক দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে । কিন্তু একেই হেমাহি জোনাই মহকুমা প্ৰশাসনৰ।

আনহাতে,জোনাই সদৰৰ সোমাজতে থকা জোনাই মহকুমা খণ্ড বন বিষয়া কাৰ্যালয়ৰ চৌহদৰো একেই ছবি । যেন কাৰ্যালয়ৰ চৌহদৰ দৃশ্য নহয় এয়া এখন ডাম্পিং গ্ৰাউণ্ডহে । জোনাই মহকুমা কৃষি উন্নয়ণ বিষয়া আৰু নিৰ্মীয়মান অৱস্থাত থকা জোনাই মহকুমা জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ সমুখৰ দৃশ্যও একেই । এই ছবি দেখিলে হয়তো আপোনাৰো চকু কপালত উঠিব ।

ইফালে, জোনাই সদৰৰ বিভিন্ন ঠাইত এনেবোৰ প্লাষ্টিক জাতীয় সামগ্ৰী জধে-মধে পেলোৱাৰ ফলত জোনাইৰ এটি সুস্থ পৰিৱেশ বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । অতি শীঘ্ৰে যিবোৰ ঠাইত প্লাষ্টিক জাতীয় সামগ্ৰী পেলায় জোনাইৰ সুন্দৰ পৰিৱেশ বিনষ্ট কৰিছে তেনে ঠাই সমূহ চাফ চিকুনতাৰ লগতে জোনাইত এখন ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে ।

লগতে পঢ়ক:যোৰহাট বোমা বিস্ফোৰণ : লিচুবাৰীৰ 41 নং সেনা শিবিৰত উপস্থিত NIA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.