ETV Bharat / state

Jonai Fraud Case: আয়ুষ্মান কাৰ্ডৰ ধন একাউন্টত ভৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰৱঞ্চনা - Jonai News

প্ৰৱঞ্চকৰ জালত এগৰাকী ৰোগীয়া মহিলা ৷ ৰোগীয়া মহিলাৰ পৰা প্ৰৱঞ্চকে লুটিলে ধন ৷ আয়ুষ্মান কাৰ্ডৰ ধন একাউণ্টত ভৰাই দিয়াৰ নামত মহিলাক প্ৰৱঞ্চনা ৷

Jonai Fraud Case
প্ৰৱঞ্চকৰ জালত জোনাইৰ এগৰাকী মহিলা
author img

By

Published : Aug 7, 2023, 12:38 PM IST

প্ৰৱঞ্চকৰ জালত জোনাইৰ এগৰাকী মহিলা

জোনাই, 7 আগষ্ট: অচিনাকি ব্যক্তিয়ে যদি আপোনাক সহায়ৰ বাবে আগবাঢ়ি আহে তেতিয়া হলে সাৱধান ৷ কাৰণ আপোনাৰ দুৰ্বলতাৰ সুযোগ বুজি প্ৰৱঞ্চকে ৰামঠগন দিব পাৰে আপোনাক ৷ এনে এক ঘটনা সংঘটিত হ‘ল জোনাইত ৷ আয়ুষ্মান কাৰ্ডৰ ধন একাউণ্টত ভৰাই দিয়াৰ নামত জ্যোতিস্মিতা ডেকা নাম মহিলাৰ পৰা প্ৰৱঞ্চকে লুটিলে ধন ৷ জানিব পৰা মতে মহিলা গৰাকীয়ে প্ৰায় দুবছৰৰ পূৰ্বৰে পৰা ভোগী আছে দুৰাৰোগ্য ৰোগত।

মহিলা গৰাকীৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰ তথা ৰাইজৰ পৰা আৰ্থিক সহায়ৰ আহ্বানেৰে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছিল । সেই বাতৰি সম্প্ৰচাৰ কৰাৰ পিচতে একাংশ সদাশয় ব্যক্তিয়ে পাৰ্যমানে ন্যূনতম আৰ্থিক সহায় আগবঢ়াইছে মহিলা গৰাকীক । কিন্তু তাৰ মাজতে মহিলা গৰাকীয়ে লাভ কৰে অচিনাকি ব্যক্তিৰ ফোনকল ৷

নিজকে গুৱাহাটী মেডিকেল কলেজৰ আয়ুষ্মান ভাৰত বিভাগত কৰ্মৰত বুলি পৰিচয় দিয়ে অচিনাকি ব্যক্তিজনে ৷ তদুপৰিও প্ৰৱঞ্চক ৰূপী ব্যক্তিজনক অসম চৰকাৰে নিৰ্দেশ দিয়া বুলি জ্যোতিস্মিতা ডেকাক আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাচবুকৰ লগতে পূৰ্বতে চিকিৎসা কৰা সকলো নথি পত্ৰ ৱাটচএপ যোগে প্ৰেৰণ কৰিবলৈ কয় । জ্যোতিস্মিতা ডেকাই অচিনাকি ব্যক্তিজনৰ কথা মতে ৮৪৫৩৯-৩৯২৬১ নম্বৰলৈ প্ৰয়োজনীয় নথি পত্ৰ প্ৰেৰণ কৰে ৷

পৰৱৰ্তী সময়ত প্ৰৱঞ্চকজনে জ্যোতিস্মিতা ডেকা পৰা ফোনযোগে অধিবক্তাক দিব লাগে বুলি ২৫০০ টকা বিচাৰে ৷ মহিলা গৰাকীয়ে দেওবাৰে ২৫০০ টকা দিয়া পাচত গুৱাহটী চিকিৎসা মহাবিদ্যালয়ত জমা দিয়া প্ৰ-পত্ৰ উলিওৱাৰ নামত পুনৰ ১৮০০ টকা বিচাৰে ৷ লগে লগে সন্দেহ ওপজাত জ্যোতিস্মিতাই দিয়া নাচিল প্ৰৱঞ্চকে বিচৰা ধন ৷ ইফালে প্ৰৱঞ্চকজনে মহিলা গাৰাকীক দিয়া মেছেজ আৰু ফোনকল ৰেকৰ্ড কৰি ৰাখে ৷

লগতে পঢ়ক:Silapathar: ভূগোল বিজ্ঞানত সৰ্বোচ্চ নম্বৰেৰে উজ্বলিল মেধাৱী ছাত্ৰ বিজয়াদিত্য চুংক্ৰাং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.