ETV Bharat / state

State flower of Assam: 130 বিধ কপৌফুল সংৰক্ষণ কৰি চৰ্চালৈ আহিছে ধেমাজিৰ টংকেশ্বৰ দলৈ

author img

By

Published : Apr 7, 2023, 1:08 PM IST

কপৌফুলৰ সুগন্ধিত আমোল মোলাইছে ধেমাজিৰ টংকেশ্বৰ দলৈৰ বাসগৃহৰ চৌহদ ৷ প্ৰায় 130 বিধমান কপৌফুলৰ খেতিৰে সকলোৰে মাজত চৰ্চা লাভ কৰিছে ব্যক্তিজনে (foxtail orchid used during bohag bihu festival) ৷

foxtail orchid of assam
কপৌফুলৰ খেতি
কপৌফুলৰ খেতি

ধেমাজি, 7 এপ্ৰিল : চ’ত-ব’হাগ মাহত ফুলা কপৌফুলে লৈ আহে ব’হাগৰ বতৰা (Rhynchostylis retusa flower blooming) ৷ ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগে অপৰূপ সৌন্দৰ্যৰে গছত জিলিকি উঠে কপৌফুল ৷ ৰঙালী বিহুৰ প্ৰতীক কপৌফুলৰ অবিহনে শুৱনি নহয় বিহুৱতী নাচনীৰ খোপা ৷ চ’তৰ শেষত এতিয়া বিভিন্ন প্ৰজাতিৰ কপৌ ফুলৰ সুগন্ধিত আমোল মোলাইছে ধেমাজিৰ প্ৰকৃতিপ্ৰেমী ,কপৌফুলৰ খেতিয়ক আৰু সংৰক্ষক টংকেশ্বৰ দলৈৰ বাসগৃহৰ চৌহদ ৷

ধেমাজিৰ টংকেশ্বৰ দলৈ, যাৰ বাৰীত আছে প্ৰায় 130 বিধ কপৌফুল ৷ ইয়াৰে মাজত প্ৰায় 30 বিধ বিলুপ্তপ্ৰায় কপৌফুল তেওঁ সংৰক্ষণ কৰি ৰাখিছে (state flower of Assam) ৷ প্ৰতিজোপা তামোল, আজাৰ গছত সংৰক্ষণ কৰা কিছুমান কপৌফুল আগতীয়াকৈ ফুলিছে আৰু কিছু প্ৰজাতি এতিয়াও ফুলা নাই ৷ গুলপীয়া - বেঙুনীয়া ৰঙৰ (Fox tail) শিয়াল নেজীয়া কপৌফুলেই হৈছে অসমীয়াৰ অতিকে আদৰৰ ৷ বিহুৰ বতৰত চকুত পৰিলেই প্ৰাণ ভৰাই তোলা এই কপৌ পাহিয়ে নাচনীৰ কলডিলীয়া খোপা শুৱনি কৰে ৷

foxtail orchid of assam
কপৌফুলৰ খেতি

ধেমাজি নলনিপামৰ বাসিন্দা দলৈয়ে শেহতীয়াকৈ এখন নাৰ্চাৰীও নিৰ্মাণ কৰিছে, য’ত তেওঁ কপৌ ফুলৰ বিভিন্ন বিলুপ্ত আৰু বিপন্ন প্ৰজাতি সংৰক্ষণৰ কামত নিজকে নিয়োজিত কৰিছে ৷ পাহাৰৰ পৰা অত্যন্ত কষ্টেৰে সংগ্ৰহ কৰি অনা ঢেঁকীয়া গছৰ কাঠৰ টুকুৰাত সংস্থাপন কৰিছে কপৌ গোত্ৰীয় বিভিন্ন প্ৰজাতিৰ ফুল ৷ এতিয়ালৈকে ১৩০ বিধ মান কপৌফুল অসম অৰুণাচলৰ পাহাৰ আৰু হাবি জংঘলৰ পৰা সংগ্ৰহ কৰিছে ৷ ইয়াৰে 30বিধ বিলুপ্ত প্ৰজাতি কপৌ সংৰক্ষণ কৰিছে দলৈয়ে ৷

১৯৮২ চনৰে পৰা তেওঁ কপৌ ফুল সংগ্ৰহ, সংৰক্ষণ আৰু সংবদ্ধনৰ কামত নিবিড়ভাৱে জড়িত হৈ আহিছে ৷ ৰঙালী বিহুৰ বতৰত টংকেশ্বৰ দলৈৰ বাৰীৰ কপৌ ফুল নিবলৈ হেতা-ওপৰা কৰে নাচনীয়ে (foxtail orchid used during bohag bihu festival) ৷ সুদূৰ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ নাচনীয়েও খোপা শুৱনি কৰিবলৈ নিয়ে দলৈৰ বাৰীৰ কপৌফুল ৷ ব’হাগ বিহুৰ প্ৰাকক্ষণত কপৌফুলৰ সুগন্ধিত গা-মন পুলকিত হৈ পৰে কপৌফুলৰ খেতিয়কগৰাকীৰ (foxtail orchid of Assam used in bohag bihu season) ৷

লগতে পঢ়ক : Rhynchostylis retusa flower blooming : গহপুৰত কপৌফুলে পাতিছে সুন্দৰৰ মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.