জোনাই, ১৫ ফেব্ৰুৱাৰী: সদৌ অসম হাজং ছাত্র সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মঙলবাৰে সামৰণি পৰে (36th Foundation Day of All Assam Hajong Students Union)। হৰিনাথপুৰ আৰু তুলসীপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা সমিতিৰ আতিথ্য়ত সোমবাৰৰ পৰা হৰিনাথপুৰ হাজং কৃষ্টি ভৱনত অনুষ্ঠিত হয় সদৌ অসম হাজং ছাত্ৰ সন্থাৰ এই প্ৰতিষ্ঠা দিৱসৰ । অধিৱেশনৰ পুৱা ৭ বজাত গছপুলি ৰোপণ কৰে সমাজকৰ্মী সৰ্পেন্দ্ৰ হাজঙে । ইয়াৰ পিচতে পুৱা ৮ বজাত পতাকা উত্তোলন কৰে সদৌ অসম হাজং ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ হাজঙে । পুৱা ৯ বজাত শ্বহীদ তৰ্পণ কৰে সদৌ অসম হাজং ছাত্র সন্থাৰ সাধাৰণ সম্পাদক বিজয় হাজঙে ।
ইপিনে, পুৱা ১০ বজাত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় (All Assam Hajong Students Union)। পুৱা ১১-৩০ বজাত জীৱন-জীৱিকাৰ ওপৰত অনুষ্ঠিত আলোচনা চক্ৰত আলোচক ৰূপে অংশগ্ৰহণ কৰি গ্ৰাম্য স্বেচ্ছাসেৱী কেন্দ্ৰৰ সঞ্চালক লুইত গোস্বামীয়ে কয় যে, দক্ষতা বিকাশৰ জৰিয়তে সমাজৰ প্ৰত্যেকগৰাকী নাগৰিকে জীৱন-জীৱিকাৰ পথ উলিয়াব লাগিব । এনে কৰিলে পৰিয়াল আৰ্থিকভাৱে স্বচ্ছল হ'বলৈ সক্ষম হ'ব পাৰে বুলি উল্লেখ কৰি তেওঁ চৰকাৰৰ প্ৰতিটো উন্নয়নমুখী আঁচনিৰ সুযোগ গ্ৰহণ কৰিবলৈ জনসাধাৰণ সজাগ হ'বই লাগিব বুলি কয় ।
দিনৰ ১-৩০ বজাত সদৌ অসম হাজং ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি হৰিপদ হাজঙৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি সদৌ অসম হাজং ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ হাজঙে কয় যে, হাজং সকলৰ আৰ্থ-সামাজিক, ভাষা, কলা-কৃষ্টি- সংস্কৃতিৰ বিকাশ ঘটাবলৈ জনগোষ্ঠীটো শৈক্ষিকভাৱে আগবাঢ়িব লাগিব । সেই শিক্ষা গুণগত আৰু নৈতিকতাৰ হ'ব লাগিব বুলি উল্লেখ কৰি তেওঁ অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ সৈতে ঐক্যবদ্ধ প্ৰচেষ্টাৰে হাজং সকলৰ ৰাজনৈতিক আৰু সামাজিক মৰ্যাদা শক্তিশালী কৰিব লাগিব বুলি কয় ।
মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম হাজং জাতীয় পৰিষদৰ সভাপতি ৰঘুনাথ হাজং, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়ে, ধেমাজি জিলা পৰিষদৰ সদস্যা বন্তিবালা পেগু দাসেও অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে একত্ৰিত চিন্তা আগত ৰাখি এখন স্বাৱলম্বী অসম গঢ়ি তোলাৰ বাবে আগবাঢ়ি যাব লাগিব বুলি কয় ।
সভাখনত হাজং জাতীয় ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক সাগৰ হাজং, অসম হাজং মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা পম্পী হাজং, এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, চিমেনমুখ গাঁও পঞ্চায়তৰ কাউঞ্চিলৰ সুজিত হাজং, সদৌ অসম হাজং ছাত্র সন্থাৰ প্ৰাক্তন নেতা সুবল হাজং, টিএমএমকেৰ চিলাপথাৰ জিলা সমিতিৰ সভানেত্ৰী গুণলতা পেগু, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক:Foundation Day of Hajong Students Union: হাজং ছাত্র সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আজি মুকলি সভা