জোনাই, 1 জুন: এফালে কৰ’ণাৰ তাণ্ডৱ, আনফালে মিনি লক ডাউন ৷ বিপাঙত পৰিছে খাটিখোৱা লোকসকল ৷ তেনে লোকসকলক কিছু পৰিমাণে সকাহ দিবলৈ আগবাঢ়ি আহিছে দিল্লীৰ স্বেচ্ছাসেৱী অনুষ্ঠান গুঞ্জৰে ৷
শনিবাৰে গুঞ্জৰৰ সহযোগত ধেমাজি জিলা জোনাই মহকুমাৰ স্বেচ্ছাসেৱী অনুষ্ঠান নৰ্থ ষ্টাৰ ক্লাবে জোনাই মহকুমাৰ 2 নং মুৰ্কং চেলেকৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া 78 টা পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰে ৷
স্বেচ্ছাসেৱী সংস্থাটোৱে 78 টা পৰিয়ালক চাউল 20 কেজি, মচুৰ দাইল দুই কেজি, বুট দুই কেজি, চেনি দুই কেজি, চেনিটাৰী নেপকিন দুই পেকেট, বেঙেনা দুই কেজি আৰু ৰঙালাউ বিতৰণ কৰে ৷ এই বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে সমাজ সেৱক আদিত্য বৰুৱা, পাৰ্থ ছেত্ৰী, অনিল চিকদাৰ, নৰ্থ ষ্টাৰ ক্লাবৰ সভাপতি নব দেউৰী, সম্পাদক প্ৰমোদ পাৱ, সদস্য বুদ্ধেশ্বৰ গগৈ, সাংবাদিক মনোজ প্ৰজাপতি, অজয় ব্ৰক্ষ্ম, ফনিৰাজ শৰ্মা, গীতাঞ্জলি ৰেগন আৰু হেম বৰি ৷
লগতে পঢ়ক: এটি দুৰ্ভগীয়া পৰিয়ালক প্ৰয়োজন আপোনাৰ সহায়ৰ