জোনাই, 4 ছেপ্টেম্বৰ : চিয়াং লালী প্ৰলয়ংকৰী বানত বিধ্বস্ত জোনাই মহকুমাৰ শতাধিকৰো অধিক গাঁও ৷ জোনাই বেৰাচাপৰি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক গাঁৱৰ সহ্ৰাধিক লোক এতিয়া মথাউৰি আৰু মহকুমা প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত ৷
ইয়াৰে মহকুমা প্ৰশাসনে স্থাপন কৰা মুৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় তিনিমাহৰ অধিক দিন ধৰি আশ্ৰয় গ্ৰহণ কৰি আছে একাংশ বানাক্ৰান্ত পৰিয়ালে ৷ এই আশ্ৰয় শিবিৰ সমূহত থকা বৰ্নাত্যক বৃহস্পতিবাৰে জোনাইৰ মুৰ্কংচেলেক ব্লক কংগ্ৰেছৰ উদ্যোগত মাংসৰে এসাঁজ খুৱায় ৷
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুৰ্কংচেলেক ব্লক কংগ্ৰেছ সভাপতি সঞ্জয় পেগু, অসম প্ৰদেশৰ জিলা যুৱ কংগ্ৰেছ কমিটি সাধাৰণ সম্পাদক বিজু পেগু, ৰাজীৱ পেগু, মুৰ্কংচেলেক ব্লক যুৱ কংগ্ৰেছ সভাপতি হিতেশ পেগু, অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য হেমহৰি প্ৰসন্ন পেগু, জিলা কমিটিৰ উপ সভাপতি বিজয় পেগু, মুৰ্কংচেলেক ব্লক কংগ্ৰেছৰ সদস্য চাপ্লাই পেগু, মহাবিৰ পায়েং, অঞ্জু দলে, যোগেশ চাৰহ, ৰেহেনা লাগাছু, পঞ্চ চাৰহ, জয়নাথ দলে লগতে কংগ্ৰেছ দলৰ কৰ্মকৰ্তা উপস্থিত থাকে৷ মুৰ্কংচেলেক ব্লক কংগ্ৰেছৰ এই প্ৰচেষ্টাক শলাগ লৈছে বানাক্ৰান্ত লোক সকলৰ লগতে জোনাই ৰাইজে ৷
লগতে চাওক-10-15 জোপা চাহ গছ ৰোপণ কৰি বছৰটোৰ বাবে কেনেকৈ ল’ব চাহৰ জুতি !