ETV Bharat / state

আধাৰ কাৰ্ডৰ নামত ধেমাজিত অসাধু চক্ৰৰ ৰমৰমীয়া বেহা

author img

By

Published : Jul 16, 2020, 8:34 PM IST

ধেমাজি জিলাৰ চিমেনমুখ গাঁও পঞ্চায়তত একাংশ জাতীয় সংগঠনৰ নেতাই ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আধাৰ কাৰ্ড প্ৰস্তুত কৰি দিয়াৰ নামত দুখীয়া বানাক্ৰান্ত ৰাইজৰ মাজত ৰমৰমীয়া ব্যৱসায়ত নামি পৰা পৰিলক্ষিত হৈছে ৷ সাধাৰণ ৰাইজৰ সুযোগ লৈ এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰি থকা ৰাইজক চক্ৰটোৱে চৰকাৰী সুলভ মুল্যৰ ৰেচনত আধাৰ কাৰ্ড সংযোগ নকৰিলে ৰেচন কাৰ্ডসমুহ অতিশীঘ্ৰে বাতিল হৈ যাব বুলি ভুৱা প্ৰচাৰ চলাই তেওঁলোকৰ পৰা ধন লুন্ঠন কৰাৰ অভিযোগ উখাপন হৈছে ৷ দুখীয়া ৰাইজে বৰ্তমানৰ এনে সংকটৰ সময়ত তেনে ধৰণৰ আঁচনি চৰকাৰে প্ৰস্তুত কৰা কাৰ্যক ক্ষোভ উজাৰি তীব্ৰ ভাষাৰে গৰিহনা দিছে ৷

Floord Aadhaar Card Making Services in Dhemaji
আধাৰ কাৰ্ডৰ নামত ধেমাজিত অসাধু চক্ৰৰ ৰমৰমীয়া বেহা

জোনাই, 16 জুলাই : দেশত কৰ'ণা মহামাৰী আৰু বানপানীয়ে বানাক্ৰান্তক জুৰুলা কৰি থকাৰ সময়তে একাংশ লোকে অসৎ উপায়েৰে ৰাইজৰ পৰা ধন হৰলুকি কৰাত নামি পৰিছে ৷ সাধাৰণ ৰাইজৰ সৰলতাৰ সুযোগ লৈ একাংশ লোকে তেওঁলোকৰ পৰা ধন লুন্ঠন কৰাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷

ৰাইজৰ অভিযোগ অনুসৰি,ধেমাজি জিলাৰ চিমেনমুখ গাঁও পঞ্চায়তত একাংশ জাতীয় সংগঠনৰ নেতাই ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আধাৰ কাৰ্ড প্ৰস্তুত কৰি দিয়াৰ নামত দুখীয়া বানাক্ৰান্ত ৰাইজৰ মাজত ৰমৰমীয়া ব্যবসায়ত নামি পৰা পৰিলক্ষিত হৈছে ৷ সাধাৰণ ৰাইজৰ সুযোগ লৈ এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰি থকা ৰাইজক চক্ৰটোৱে চৰকাৰী সুলভ মুল্যৰ ৰেচনত আধাৰ কাৰ্ড সংযোগ নকৰিলে ৰেচন কাৰ্ডসমুহ অতিশীঘ্ৰে বাতিল হৈ যাব বুলি ভুৱা প্ৰচাৰ চলাই তেওঁলোকৰ পৰা ধন লুন্ঠন কৰাৰ অভিযোগ উখাপন হৈছে ৷

চিমেনমুখ মাজৰবাৰী বুধবৰীয়া বজাৰৰ আৰাধন মণ্ডল নামৰ লোকজনৰ দোকানত প্ৰতিদিনে শতাধিক দুখীয়া ৰাইজে ৩০০ৰ পৰা ৫০০ টকা পৰ্যন্ত পৰিশোধ কৰি প্ৰ-পত্ৰ পূৰণ কৰে আৰু একে পঞ্চায়তৰেই লক্ষ্মীসুটীৰ কেন্দ্ৰটোত ৪০০ ৰ পৰা ৫০০ টকা পৰ্যন্ত দাম লৈ আধাৰ কাৰ্ডৰ প্ৰস্তুতৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷

ইফালে,একেই প্ৰতিচ্ছবি দেখা পোৱা গৈছে ডিমৌ গাঁও পঞ্চায়তত ৷ প্ৰতি গৰাকী গ্ৰাহকৰ পৰা ২০০ টকাকৈ ধন আদায় কৰাৰ লগতে চিমেনমুখৰ এজন মেজিক চালক তথা ব্যবসায়টোত এজেণ্টৰূপে নামি পৰা সস্তী মজুমদাৰ নামৰ লোকজনেও গ্ৰাহকক ৰাম ঠগন দিয়াৰ অভিযোগ উখাপন হৈছে ৷ লোকজনে গ্ৰাহকৰ পৰা ৪০০ ৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উখাপন হৈছে ৷

ইপিনে একাংশ সাধাৰণ দুখীয়া ৰাইজে বৰ্তমানৰ এনে সংকটৰ সময়ত তেনে ধৰণৰ আঁচনি চৰকাৰে প্ৰস্তুত কৰা কাৰ্যক ক্ষোভ উজাৰি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এমুঠি অন্নৰ বাবে হাহাকাৰ হৈ থকাৰ সময়ত অসাধু চক্ৰটোৰ লুন্ঠনৰাজক সমালোচনা কৰিছে ৷ তদুপৰি একাংশ লোকে চৰকাৰে আধাৰ কাৰ্ডৰ ওপৰত বান্ধি দিয়া দৰত প্ৰ-পত্ৰ প্ৰস্তুত কৰি দিবলৈ চৰকাৰ তথা ধেমাজি জিলা প্ৰশাসনক দাবী জনাইছে ৷

লগতে পঢ়ক : মুম্বাইত আবু ছালেমৰ ঘনিষ্ঠ সহযোগীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.