ETV Bharat / state

জোনাইৰ বন্যাৰ্তলৈ সহায়ৰ হাত নৰ্ডষ্টাৰ্ণ সংস্থাৰ - অসমীয়া ছাত্ৰ-ছাত্ৰী

জোনাইৰ বন্যাৰ্তৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ নৰ্ডষ্টাৰ্ণ নামৰ সংস্থাৰ ৷ প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে সংস্থাটোৱে ৷ কবুচাপৰিৰ 152 আৰু বেৰাচাপৰিৰ 500 পৰিয়ালৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰে ৷

FLOOD RELIEF DISTRIBUTION BY NORD STERN ORGANIZATION
জোনাইৰ বন্যাৰ্তলৈ সহায়ৰ হাত নৰ্ডষ্টাৰ্ণ সংস্থাৰ
author img

By

Published : Aug 7, 2020, 7:51 PM IST

জোনাই, 7 আগষ্ট : ৰাজ্যত এফালে ক'ভিড-19 ৰ ত্ৰাস আৰু আনফালে বানপানীৰ তাণ্ডৱে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ বৰ্তমান ৰাজ্যৰ 15 খন জিলা বানপানীৰ কবলত পৰিছে ৷ বানাক্ৰান্ত ৰাইজে ঘৰ-মাটি হেৰুওৱাই সৰ্বশ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে ধেমাজি জিলাতো বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰিছে ৷ জিলাখনৰ বিভিন্ন অঞ্চল বানাপনীৰ কবলত পৰি বানাক্ৰান্তই ওখ ভেঁটি বা মাথাউৰিত আশ্ৰয় লব লগা হৈছে ৷

জোনাইৰ বন্যাৰ্তলৈ সহায়ৰ হাত নৰ্ডষ্টাৰ্ণ সংস্থাৰ

শুকুৰবাৰে জোনাইৰ বন্যাৰ্ত সকলক সহায়ৰ হাত আগবঢ়াইছে অসমীয়া ছাত্ৰ-ছাত্ৰীক লৈ গঠন কৰা নৰ্ডষ্টাৰ্ণ নামৰ এটা সংস্থাই ৷ জোনাইৰ বানাক্ৰান্ত অঞ্চল কবুচাপৰিৰ 5 খন গাঁও আৰু বেৰাচাপৰিৰ 15 খন গাঁৱৰ মাজত বিতৰণ কৰে সাহাৰ্য সামগ্ৰী । নৰ্ডষ্টাৰ্ণৰ দলটোৱে বন্যাৰ্তসকলৰ মাজত চাউল, দাইল, মুৰি, আলু, নিমখ, মিঠাতেল, বিস্কুট, চাবোন, মাক্স, চেনিটেৰী নেপকিন, ফেনাইল, আঁঠুৱা, ম'ম আদি বিতৰণ কৰে ৷ শিক্ষাৰ্থীৰ দলটোৱে কবুচাপৰিৰ 152 আৰু বেৰাচাপৰিৰ 500 পৰিয়ালৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰে ৷

FLOOD RELIEF DISTRIBUTION BY NORD STERN ORGANIZATION
জোনাইৰ বন্যাৰ্তলৈ সহায়ৰ হাত নৰ্ডষ্টাৰ্ণ সংস্থাৰ

নৰ্ডষ্টাৰ্ণ নামৰ সংস্থাটোৰ উপ-সভাপতি প্ৰণৱ কলিতা, সাধাৰণ সম্পাদক প্ৰাচুৰ্য বৰগোহাঁই, বিৰাজ গগৈ, ধ্ৰৱ ভূঞা, ইমন ফুকন আৰু যুগান্ত কোঁৱৰৰ নেতৃত্বত দলটোৱে এই সামগ্ৰীসমূহ বিতৰণ কৰে ৷

উল্লেখ্য যে, 6 আগষ্টত প্ৰকাশ কৰা অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি, 15 খন জিলা বৰ্তমানো বানৰ কবলত আছে ৷ ধেমাজি, বিশ্বনাথ, বাক্সা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ বানপানীৰ কবলত আছে ৷ ইয়াৰ বিপৰীতে, 21 টা ৰাজহ চক্ৰ পানীৰ কবলত আছে ৷ 270 খন গাঁও বানপানীত বৰ্তমানেও আক্ৰান্ত হৈ আছে ৷ 1,43,050 জন ব্যক্তি বানপানীৰ কবলত আছে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় বস্ত্ৰ দিৱস উপলক্ষ্যে হস্ততাঁত বস্ত্ৰমন্ত্ৰী ৰঞ্জিৎ দত্তৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.