ETV Bharat / state

ধেমাজিত বানত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ প্ৰতিবাদ

author img

By

Published : Oct 28, 2020, 3:40 PM IST

বানত সৰ্বস্বান্ত পৰিয়ালক উচিত ক্ষতিপুৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত ধেমাজিৰ দিহিৰি কূকুৰীত অসম একতা পৰিষদৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল ।

flood effected people protest at dhamaji
ধেমাজিত বানত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ প্ৰতিবাদ

ধেমাজি,28 অক্টোবৰঃ ধেমাজীত জীয়াঢ়লৰ বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ সহযোগত অসম একতা পৰিষদে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ৷ বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক পৰ্যাপ্ত সাহাৰ্য পুনৰ সংস্থাপনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বানাক্ৰান্ত ৰাইজে হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰ খনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে।

উল্লেখযোগ্য যে, ধাৰাবাহিক জীয়াঢলৰ বানত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ খেতি পথাৰ,ঘৰ বাৰী সকলো বানত জাহ গৈছিল । অঞ্চলটোৰ ২৮ টা পৰিয়াল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল বানত। অঞ্চলটোৰ ৰক্ষা কৱচ হিচাপে থকা মথাউৰিৰ এটা অংশ ছিঙি নিয়াৰ ফলতে সমগ্ৰ বাৰিষা কালটো তাণ্ডৱ চলাইছিল জীয়াঢলে ।

প্ৰতিবাদকাৰী সকলে ধেমাজি জিলা উপায়ুক্ত জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি অতি শীঘ্ৰে পৰিয়াল কেইটাক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে পুনৰ সংস্থাপনৰ ব্যবস্থা কৰিবলৈ দাবী জনায়।

লগতে পঢ়কঃ উত্তৰ-পূবৰ বিদ্ৰোহীৰ বিৰুদ্ধে ম্যানমাৰ সেনাৰ অপাৰেশ্বন ছানৰাইজ-3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.